বিপদত কোহলীৰ কেৰিয়াৰ! কি কৈছিল RCBৰ প্ৰাক্তন অধিনায়কৰ পৰা সকলোৱে?
টেষ্ট ক্ৰিকেটত বিৰাট কোহলীৰ দুৰ্বল ফৰ্ম ক্ৰিকেট জগতত চৰ্চাৰ বিষয় হৈ পৰিছে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ প্ৰদৰ্শন আছিল হতাশাজনক। পাঁচখন মেচত গড়ে ২৩.৭৫ ৰানত মাত্ৰ ১৯০ ৰানহে সংগ্ৰহ কৰিছিল।
এই দুৰ্বল ফৰ্মৰ পিছত প্ৰতিজন ডাঙৰ খেলুৱৈয়ে তেওঁক ঘৰুৱা ক্ৰিকেট খেলিবলৈ পৰামৰ্শ দিছে। বহুতে তেওঁক অৱসৰ ল’বলৈ কৈছে। কিন্তু এতিয়া কোহলীৰ সমৰ্থনত আহিছে ফাফ ডু প্লেছিছ।
বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ প্ৰাক্তন সতীৰ্থ তথা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক ফাফ ডু প্লেছিছে কৈছে যে, তেওঁৰ আত্মবিশ্বাস আছে যে কোহলিয়ে অতি সোনকালে ফৰ্মলৈ ঘূৰি আহিব। ডু প্লেছিছে কয় যে, প্ৰতিজন খেলুৱৈৰ বাবে ই বেলেগ। এই পৰ্যায়ৰ মাজেৰে পাৰ হৈ তেওঁ নিজেই উপলব্ধি কৰিছিল যে, টেষ্ট ক্ৰিকেটৰ প্ৰতি তেওঁৰ আকৰ্ষণ কমি আহিছে।কিন্তু বিৰাটৰ দৰে খেলুৱৈসকল অতিশয় অনুপ্ৰাণিত। ইয়াৰ প্ৰতি তেওঁ ভয় নকৰে।
২০২০ চনৰ পৰা বিৰাটৰ প্ৰদৰ্শনৰ পৰিসংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। ৩৯খন মেচত তেওঁ ৩০.৭২ গড়ে ২০২৮ ৰান সংগ্ৰহ কৰি মাত্ৰ তিনিটা শতক অৰ্জন কৰে। বিৰাট কোহলীয়ে টেষ্ট কেৰিয়াৰত এই পৰ্যন্ত ২১০টা ইনিংছ খেলিছে। য’ত তেওঁ গড়ে ৪৬.৮৫ ৰানত ৯২৩০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ৩০ শতক আৰু ৩১টা অৰ্ধশতক অন্তৰ্ভুক্ত।
২০২৫ চনৰ আই পি এলত ফাফ ডু প্লেছিছে দিল্লী কেপিটেলছ (DC)ৰ সৈতে নতুন যাত্ৰা আৰম্ভ কৰিব। বিগত ছিজনত তেওঁ RCBক প্লে অফলৈ লৈ গৈছিল আৰু এতিয়া তেওঁ IPLৰ ১৪ সংখ্যক ছিজনক লৈ উৎফুল্লিত হৈ পৰিছে। তেওঁ কয় যে, নতুন ফ্ৰেঞ্চাইজিৰ সৈতে জড়িত হোৱাটো ভাল। IPLৰ অংশ হোৱাটো সদায় বিশেষ।