ছুগাৰ লেভেল কিমান হ’লে আপুনি ‘ফিট’? বয়স অনুযায়ী আপোনাৰ ৰক্ত শৰ্কৰা কিমান হোৱা উচিত? জানি লওক সম্পূৰ্ণ তালিকা
আজিকালি বহু লোকে কম বয়সতে ডায়েবেটিছ, থাইৰয়ড, উচ্চ ৰক্তচাপ আদি ৰোগত আক্ৰান্ত হয়। বহু ক্ষেত্ৰত ডায়েবেটিছে আমাৰ অজ্ঞাতে শৰীৰত শিপাই যায়। পৰ্যাপ্ত সজাগতাৰ অভাৱেই মধুমেহ ৰোগ ঘৰে ঘৰে বিয়পি পৰাৰ অন্যতম কাৰণ।
02
তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো জৰুৰী। কিন্তু এই শৰ্কৰাৰ মাত্ৰা সঠিকভাৱে কিমান হ’ব লাগে? আজি এই প্ৰতিবেদনত আমি তেজৰ শৰ্কৰাৰ মাত্ৰা সম্পৰ্কে সঠিক ধাৰণাটো স্পষ্ট কৰিবলৈ ওলাইছো। অৰ্থাৎ আপোনাৰ বয়সত শৰ্কৰাৰ মাত্ৰা কিমান হ’ব লাগে সঠিকভাৱে জানো আহক।
03
সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ বাবে তেজৰ শর্কৰাৰ মাত্ৰা বজাই ৰখাটো অতি প্ৰয়োজনীয়। বৰ্তমানৰ জীৱনশৈলীত ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। গতিকে সজাগতা গুৰুত্বপূৰ্ণ। চাওঁ আহক কিমান বয়সত ব্লাড চুগাৰ কিমান হ’ব লাগে।
04
ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ দৰে ৰোগে প্ৰধানকৈ বৃদ্ধসকলক প্ৰভাৱিত কৰে। কিন্তু এতিয়া কেৱল বৃদ্ধই নহয় যুৱক-যুৱতীসকলো ডায়েবেটিছ, থাইৰয়ড, উচ্চ ৰক্তচাপ আদি ৰোগত আক্ৰান্ত হৈছে।
05
টাইপ ২ ডায়েবেটিছ হৈছে এনে এক ৰোগ যিটো আপোনাৰ জিন আৰু আপোনাৰ জীৱনশৈলী দুয়োটাৰে দ্বাৰা নিৰ্ধাৰিত হয়। অতিৰিক্ত ওজন, উচ্চ ৰক্তচাপ আৰু ব্যায়াম নকৰা এই সকলোবোৰে টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
06
বষ্টনৰ চিকিৎসক মাইকেল ডেনচিংগাৰে (এম ডি) কয়, “আপুনি নাজানি বছৰ বছৰ ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’ব পাৰে। লক্ষণসমূহৰ ভিতৰত সাধাৰণতে পিয়াহ, সঘনাই প্ৰস্ৰাৱ কৰা, দৃষ্টিশক্তি ম্লান হোৱা, আৰু কঁপনি আদি অন্তৰ্ভুক্ত।”
07
চিকিৎসকগৰাকীয়ে পৰামৰ্শ দিয়ে যে, “মধ্যবয়স হ’ল যেতিয়া সঁচাকৈয়ে ডায়েবেটিছ বৃদ্ধি পাবলৈ আৰম্ভ কৰে।‘‘১৮ৰ পৰা ৪৪বছৰীয়া লোকৰ মাজত ডায়েবেটিছৰ ৰোগ হয়।”
08
গতিকে সকলোৱে এনে ৰোগৰ বিষয়ে সোনকালে জানিব লাগে আৰু প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰিব লাগে। চিকিৎসকৰ মতে খাদ্যাভ্যাসৰ প্ৰতি সঠিক মনোযোগ দিলে এই মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি। ই আপোনাৰ স্বাস্থ্য সুস্থিৰ কৰি ৰাখিব।
09
খাদ্য খোৱাৰ এঘণ্টা বা দুঘণ্টাৰ পিছত ১৮ বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্কৰ তেজত শর্কৰাৰ মাত্ৰা ১৪০ মিলিগ্ৰাম হ’ব লাগে। আনহাতে, খাদ্য খোৱাৰ আগতে ১৮ বছৰৰ ওপৰৰ লোকৰ তেজত শর্কৰাৰ মাত্ৰা প্ৰতি ডেচিলিটাৰত ৯৯ মিলিগ্ৰাম হ’ব লাগে।
10
৪০ বছৰৰ ওপৰৰ লোকে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিব লাগে। ৪০ৰ পৰা ৫০ বছৰ বয়সৰ আৰু ডায়েবেটিছ ৰোগীৰ বাবে খাদ্যৰ পূৰ্বে তেজৰ শর্কৰাৰ পৰিমাণ ৯০ৰ পৰা ১৩০ মিলিগ্ৰাম/ডেচিলিটাৰৰ ভিতৰত হ’ব লাগে।
11
কিন্তু খাদ্য খোৱাৰ পিছত ১৪০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছত ১৫০ মিলিগ্ৰামতকৈ কম হ’ব লাগে। এই বিশেষ বয়সত যদি মানুহে শর্কৰাৰ মাত্ৰাৰ এই সীমা অতিক্ৰম কৰে তেন্তে সেয়া চিন্তাৰ বিষয় হৈ পৰে। এনে অৱস্থাত ব্যক্তিজনৰ চিকিৎসকৰ পৰামৰ্শ লৈ তৎক্ষণাত চিকিৎসা কৰিব লাগে।
12
তেজত শর্কৰাৰ মাত্ৰা কেনেকৈ হ্ৰাস কৰিব পাৰি? যিসকলে তেজত শর্কৰাৰ মাত্ৰা হ্ৰাস কৰিব বিচাৰে তেওঁলোকে শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰিব লাগে। অৰ্থাৎ ব্যায়াম, যোগাসন আদি নিয়মিতভাৱে কৰিব লাগে।
13
মধুমেহ ৰোগৰ পৰা হাত সাৰিবলৈ অতিৰিক্ত চেনি, নিমখ, শীতল পানীয় আৰু মিঠাই সেৱন কৰিব নালাগে। কেৱল সেয়াই নহয়, কাৰ্বহাইড্ৰেট বেছি থকা খাদ্যও খাব নালাগে। লগতে খাদ্যত অধিক শাক-পাচলি আৰু চালাড অন্তৰ্ভুক্ত খাব লাগে।
14
(Disclaimer: আমাৰ এই প্ৰতিবেদন কেৱল তথ্যৰ বাবেহে। এই তথ্য ছ’চিয়েল মিডিয়া আৰু বিভিন্ন ৱেবছাইটত উপলব্ধ তথ্যৰ পৰা লোৱা হয়। কিন্তু এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰু চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব।)