তেজৰ নাই কোনো জাতি, তেজৰ নাই কোনো ধৰ্ম, ৰক্ত দানেই কেৱল এ. বি. ডি গ্ৰুপৰ কৰ্ম।
তেজৰ নাই কোনো জাতি, তেজৰ নাই কোনো ধৰ্ম, ৰক্ত দানেই কেৱল এ. বি. ডি গ্ৰুপৰ কৰ্ম। এই মূল মন্ত্ৰ লৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্য আজি এ. বি. ডি.
গ্রুপৰ বিশাল পদযাত্ৰা।
অসমৰ ভিন্ন প্ৰান্তত এটুপাল তেজৰ বাবে হাহাকাৰ কৰা সকলৰ বাবে এ. বি. ডি. গ্ৰুপে লৈ আহিছে এটা ভাল খবৰ। এতিয়াৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব তেজ। গুৰুজনাৰ পবিত্ৰ জন্মস্থান আলিপুখুৰীৰ মৈৰাবাৰীত জন্ম গ্ৰহণ কৰা এ বি ডি গ্ৰুপৰ লক্ষ্য অসমৰ জনগণক বিনামূলীয়া কৈ তেজ যোগান ধৰা। সমগ্ৰ অসমত বিনামূলীয়া কৈ তেজ যোগান ধৰাৰ বাবে সংস্থাটোৱে অতি শিগ্ৰেই এটি ৱেব চাইট মুকলি কৰিব। ৰক্ত দানৰ বাবে সকলোকে সজাগ কৰাৰ উদ্দেশ্যে আজি প্ৰথম পর্যায়ত মৈৰাবাৰীৰ পৰা হাঁহচৰা,উলুবাৰী আদি কৰি বৃহত্তৰ মৈৰাবাৰী অঞ্চলত অলিয়ে গলীয়ে abd গ্রুপৰ কৰ্মকর্তা সকলে সজাগতাৰ উদ্দেশ্যি এক বিশাল পদযাত্ৰা উলিয়াই। এই পদযাত্ৰাত বহু যুৱকে অংশ গ্ৰহণ কৰাৰ লগতে ABD গ্ৰুপৰ ডিজিটেল প পত্ৰ পূৰণ কৰি আৰ্তজনক বিনামূলীয়া কৈ ৰক্ত দানৰ বাবে সদস্য ভৰ্তি কৰে।
পদযাত্ৰাৰ ফ্লেগমাৰ্চ কৰি শুভ উদ্বোধন কৰ মৈৰাবাৰী চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডা: সন্জয় কুমাৰ পাতৰে আৰু চিকিৎসক ডাঃ আশাৰফুল ইছলাম আৰু সমাজসেৱক কমৰুল ইছলামে।