আজিৰে পৰা আৰম্ভ হ’ল মহাকুম্ভ মেলা, ৪৫ দিনীয়া মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমত স্নান কৰিব ডেৰ কোটি ভক্তই

0

আজি পুৱাৰে আৰম্ভ পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা-২০২৫। ৪৫ দিনীয়া কাৰ্যসূচীৰে প্ৰয়াগৰাজত আৰম্ভ হ’ল কুম্ভ মেলা।

News18 Assam

আজি পুৱাৰে আৰম্ভ পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা-২০২৫। ৪৫ দিনীয়া কাৰ্যসূচীৰে প্ৰয়াগৰাজত আৰম্ভ হ’ল কুম্ভ মেলা।

02

মহাকুম্ভ মেলাৰ সময়ত গংগা, যমুনা আৰু সৰস্বতী নদীৰ পবিত্ৰ সংগমত কমেও ১.৫ কোটি ভক্তই স্নান কৰিব বুলি ঠাৱৰ কৰা হৈছে।

03

News18 Assam

কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ভক্তসকলে স্নান কৰিব লাগিব তিনিওখন নদীৰ সংগমস্থলী ত্ৰিবেণী সংগমত। ৪৫ দিনৰ অন্তত ২৬ ফেব্ৰুৱাৰীত অন্ত পৰিব মহাকুম্ভ মেলা-২০২৫।

04

মহাকুম্ভত হ’ব ৬টা ৰাজকীয় স্নান। প্ৰথম ৰাজকীয় স্নান ১৩ জানুৱাৰী- অৰ্থাৎ আজি, দ্বিতীয় ৰাজকীয় স্নান ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তীয় অৱসৰত।

05

News18 Assam

তৃতীয় ৰাজকীয় স্নান ২৯ জানুৱাৰী মৌনি অমাৱস্যাৰ সময়ত, চতুৰ্থ ৰাজকীয় স্নান ২ ফেব্ৰুৱাৰী বসন্ত পঞ্চমীৰ অৱসৰত।

06

পঞ্চম ৰাজকীয় স্নান ১২ ফেব্ৰুৱাৰী মাঘ পূৰ্ণিমাৰ দিনা, অন্তিম ৰাজকীয় স্নান ২৫ ফেব্ৰুৱাৰী মহা শিৱৰাত্ৰিৰ দিনা।

Leave A Reply

Your email address will not be published.