১৪৪ বছৰ অপেক্ষাৰ অন্তত আজি অৰ্থাৎ ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ’ল মহাকুম্ভ মেলা।

0

১৪৪ বছৰ অপেক্ষাৰ অন্তত আজি অৰ্থাৎ ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ’ল মহাকুম্ভ মেলা। এই মেলাৰ আৰম্ভণিৰ দিনাই প্ৰয়াগৰাজৰ গংগা, যমুনা আৰু সৰস্বতী ত্ৰিবেণী সংগমত প্ৰায় ৫০ লাখ লোকে পৱিত্ৰ স্নান কৰে।

মুঠ ৪০ কোটি তীৰ্থযাত্ৰীৰ আশা কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে। যি ৰাছিয়া আৰু আমেৰিকাৰ মুঠ জনসংখ্যাতকৈও বেছি। আয়োজকসকলে এই মহাকুম্ভ মেলাক সভ্যতাৰ সৰ্ববৃহৎ জনসভা বুলি উল্লেখ কৰিছে।

প্ৰয়াগৰাজৰ ৪০০০ হেক্টৰ ভূমিত এই মহাকুম্ভ মেলাৰ আয়োজন কৰা হৈছে। ২০২৫ চনৰ ২৬ জানুৱাৰীলৈকে চলিব এই মেলা। দেশৰ সৰ্বাধিক জনবহুল ৰাজ্যখনত সৰ্বাধিক ভিৰৰ ফলত কেইবা কোটি টকা উপাৰ্জন হয় বুলি অনুমান কৰা হৈছে।

বিগত ৪৫ দিন ধৰি এই মহাকুম্ভ মেলাক কেন্দ্ৰ কৰি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এক সূত্ৰ অনুসৰি, যদি মহাকুম্ভ মেলাত ৪০ কোটি তীৰ্থযাত্ৰীয়ে গড়ে ৫ হাজাৰ টকা খৰচ কৰে, তেন্তে প্ৰয়াগৰাজত ২ লাখ কোটি ব্যৱসায় কৰিব পৰা যাব।

এক প্ৰতিবেদন অনুসৰি, যদি তীৰ্থযাত্ৰীসকলে প্ৰতিজন ব্যক্তিৰ বাবে ১০ হাজাৰ টকা খৰচ কৰে তেন্তে ব্যৱসায়ৰ পৰিমাণ ৪ লাখ কোটি টকালৈ বৃদ্ধি পাব। যাৰ ফলত সমগ্ৰ দেশৰ জিডিপি এক শতাংশ বৃদ্ধি পাব।

যৌথ উদ্যোগ ইস্কন, আদানি গ্ৰুপ আদিয়ে এই মহাকুম্ভ মেলাত ভক্তসকলক মাহ-প্ৰসাদ বিতৰণ কৰিব। এই মেলাত অস্থায়ী চিকিৎসা শিবিৰ, আয়ুৰ্বেদিক সামগ্ৰী আৰু ঔষধে ব্যৱসায়ত আৰু ৩ হাজাৰ কোটি টকা উপাৰ্জন কৰিব পাৰে। ই-টিকট, ডিজিটেল পেমেণ্ট, ৱাই-ফাই সেৱাৰ পৰা এক হাজাৰ কোটি টকা সংগ্ৰহ কৰিব পাৰিব।

মনোৰঞ্জন অনুষ্ঠান, বিজ্ঞাপন আৰু প্ৰচাৰৰ পৰা চৰকাৰী ৰাজকোষত ১০ হাজাৰ কোটি টকা জমা হ’ব পাৰে।মহাকুম্ভ মেলাৰ আৰম্ভণিতে এই বিশেষ বাৰ্তা প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ লিখিছে যে, প্ৰয়াগৰাজত ২০২৫ত আৰম্ভ হোৱা এই মহাকুম্ভ মেলাত অসংখ্য মানুহ গোট খাব। য’ত ভাৰতীয় সংস্কৃতিক উদযাপন কৰা হ’ব। ইয়াত হিন্দু সভ্যতাৰ দীৰ্ঘদিনীয়া আধ্যাত্মিকতা আৰু ঈশ্বৰৰ ওপৰত আস্থা আৰু সমন্বয়ৰ আভাস পোৱা যাব।

Leave A Reply

Your email address will not be published.