বলীউডত কি চলিছে? ইজনৰ পিছত সিজন তাৰকালৈ আহিছে ভাবুকি…

0

ছলমান খান, শ্বেইফ আলী খানৰ পিছত এইবাৰ ৰাজপাল যাদব আৰু ৰেমো ডিছৌজা আৰু সুগন্ধা মিশ্ৰ। দৈনিক বলীউডৰ চেলিব্ৰিটিৰ ওপৰত চলি থকা আক্ৰমণৰ মাজতে বুধবাৰে আন এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে।

ভাৰতীয় চিনেমাৰ তিনিজন শিল্পীলৈ ইমেইলৰ জৰিয়তে ভাবুকি লাভ কৰিছে। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি, অভিনেতা ৰাজপাল যাদৱ, ৰেমো ডিছৌজা আৰু সুগন্ধা মিশ্ৰক ভাবুকি দিয়া হৈছে।

সূত্ৰই দাবী কৰিছে যে, তিনিওজন অভিনেতাই লাভ কৰা ভাবুকিপূৰ্ণ ইমেইলৰ শেষত বিষ্ণুৱে লিখিছিল।

ইমেইলৰ জৰিয়তে ভাবুকি পোৱাৰ পিছতেই তিনিওজন শিল্পীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। শিল্পীসকলৰ অভিযোগৰ ভিত্তিত আম্বলী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

সূত্ৰসমূহে দাবী কৰিছে যে প্ৰাৰম্ভিক তদন্তত এই ইমেইলটো পাকিস্তানৰ পৰা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইমেইলটোত তিনিওজন অভিনেতাক ৮ ঘণ্টাৰ ভিতৰতে উত্তৰ দিবলৈ কোৱা হৈছে। বৰ্তমান আৰক্ষী এই বিষয়টোৰ তদন্তত ব্যস্ত।

অভিনেতা ৰাজপাল যাদৱৰ অভিযোগক লৈ মুম্বাই আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। একে সময়তে অভিনেত্ৰী সুগন্ধা মিশ্ৰ আৰু কৰিঅ’গ্ৰাফাৰ ৰেমো ডিছৌজায়ো ইমেইলযোগে ভাবুকি পোৱাৰ অভিযোগ উত্থাপন কৰিছে।

ইমেইলটোত লিখা আছিল, ‘আপোনাৰ প্ৰতিটো খোজ নিৰীক্ষণ কৰা হৈছে। এটা স্পৰ্শকাতৰ বিষয় আমি আপোনালোকৰ দৃষ্টিগোচৰ কৰাটো গুৰুত্বপূৰ্ণ। এইটো কোনো ৰাজহুৱা ষ্টাণ্ট বা আপোনাক হাৰাশাস্তি কৰাৰ চেষ্টা নহয়।’

ইয়াৰ লগতে ইমেইলত এটা ভাবুকিও দিয়া হৈছে যে, এই বাৰ্তাটোক অতি গুৰুত্বসহকাৰে ল’ব লাগে আৰু এই সন্দৰ্ভত গোপনীয়তা বৰ্তাই ৰাখিব লাগে। তেনে নকৰিলে পৰিণতি অতি গুৰুতৰ হ’ব পাৰে, যিয়ে তেওঁলোকৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব পাৰে।

লগতে অহা ৮ ঘণ্টাৰ ভিতৰত বাৰ্তাৰ উত্তৰ দিব লাগিব। যদি এনেকুৱা নহয়, তেন্তে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা লৈ ইয়াৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ভাবুকি প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.