ট্ৰাম্পৰ নাগৰিকত্বৰ সিদ্ধান্তক অসাংবিধানিক আখ্যা দি অস্থায়ী নিষেধাজ্ঞা জাৰি আমেৰিকাৰ আদালতৰ

0

আমেৰিকাৰ নাগৰিকত্ব লাভৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিৰ্ধাৰণ কৰা সময়সীমা অসাংবিধানিক। ৱাশ্বিংটনৰ ছিয়াটলৰ এখন আদালতৰ এজন ন্যায়াধীশে এই কথা কয়।

সেই আদেশ কাৰ্যকৰী কৰাত তেওঁ সাময়িক নিষেধাজ্ঞা জাৰি কৰিছে। ইতিমধ্যে ট্ৰাম্পৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকাৰ বিভিন্ন আদালতত ৫ ৰ পৰা ৬ টা গোচৰ ৰুজু হৈছে।

২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল ট্ৰাম্পে। কাৰ্যভাৰ গ্ৰহণৰ প্ৰথম দিনাই এক নিৰ্দেশত স্বাক্ষৰ কৰে। ইয়াত কোৱা হৈছে যে, এতিয়াৰে পৰা আমেৰিকাত জন্ম হ’লেই নৱজাতকক দিয়া নহ’ব নাগৰিকত্ব।

যদি সন্তানৰ পিতৃ আৰু মাতৃ দুয়োজনেই আমেৰিকাৰ স্থায়ী বাসিন্দা হয়, তেন্তে সন্তানটোৱেও জন্মৰ পিছত সেই দেশৰ নাগৰিকত্ব লাভ কৰিব।

কিন্তু যদি পিতৃ বা মাতৃৰ কোনো এজনৰ নাগৰিকত্ব নাথাকে, তেন্তে নৱজাতকক নাগৰিকত্ব দিয়া নহ’ব। ট্ৰাম্পে ঘোষণা কৰে যে, ১৯ ফেব্ৰুৱাৰীৰ পিছত আমেৰিকাত এই আদেশ কাৰ্যকৰী কৰা হ’ব।

ইমান দিনে আমেৰিকাত জন্ম লোৱা প্ৰতিটো শিশুক, পিতৃ বা মাতৃৰ পৰিচয় যিয়েই নহওক কিয়, জন্মৰ পৰাই নাগৰিকত্ব দিয়া হৈছিল। ইয়াৰ পিছত যেতিয়া শিশুটিৰ বয়স ২১ বছৰ হ’ব, তেতিয়া পিতৃ-মাতৃয়েও আমেৰিকাত স্থায়ীভাৱে বাস কৰাৰ সুযোগ পায়। এই সুযোগ বন্ধ কৰিব বিচাৰিছে ট্ৰাম্পে।

ট্ৰাম্পৰ ঘোষণাৰ পিছৰে পৰা চিন্তিত হৈ পৰিছে আমেৰিকাত বাস কৰা ভাৰতীয় দম্পতী। বহু গৰ্ভৱতী মহিলায়ো ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত চিজাৰিয়ান অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ত আবেদন কৰিছে। অকালতে সন্তান জন্ম দিবলৈ বদ্ধপৰিকৰ।

এই পৰিস্থিতিত ছিয়াটলৰ জিলা ন্যায়াধীশ জন কাফেনৰে ট্ৰাম্পৰ নিৰ্দেশনাৰ বিৰুদ্ধে দাখিল কৰা এই প্ৰস্তাৱৰ শুনানি গ্ৰহণ কৰে। বৃহস্পতিবাৰে তেওঁ সেই আদেশত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ দিয়ে।

তেওঁ ট্ৰাম্পৰ এই সিদ্ধান্তক “স্পষ্টভাৱে অসাংবিধানিক” বুলি অভিহিত কৰে। ১৮৬৮ চনত আমেৰিকাৰ সংবিধানত ১৪ সংখ্যক সংশোধনী সংযোজন কৰা হয়। ইয়াত উল্লেখ আছে যে, আমেৰিকাত জন্ম লোৱাৰ ফলত তাত নাগৰিকত্ব পোৱা যায়। ১৯৫২ চনৰ ইমিগ্ৰেচন এণ্ড নেচনেলিটি এক্টতো একে কথা উল্লেখ আছে। ট্ৰাম্পৰ এই নিৰ্দেশ এই আইন আৰু সংবিধানৰ বিপৰীত বুলি বিৰোধী অধিবক্তাই আদালতত যুক্তি আগবঢ়ায়।

আমেৰিকাৰ ডেম’ক্ৰেটিক ৰাজ্যসমূহৰ মতে, যদিহে ট্ৰাম্পৰ নাগৰিকত্বৰ আদেশ কাৰ্যকৰী হয়, তেন্তে ১ লাখ ৫০ হাজাৰতকৈ অধিক নৱজাতকে আমেৰিকাৰ নাগৰিক হোৱাৰ “সাংবিধানিক” অধিকাৰ হেৰুৱাব।

Leave A Reply

Your email address will not be published.