আপোনাৰ আজিৰ দিনটো ৰাশিফল
মেষ- আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ নম্বৰ-৭, শুভ ৰং-মাখন আৰু বগা।
বৃষ- সোনকালে ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। শুভ নম্বৰ- ৪, শুভ ৰং- মটীয়া।
মিথুন- ব্যৱসায়িক দিশত সুনাম বৃদ্ধি পাব। সকলোৰে কাম সহজে হৈ উঠিব। শুভ নম্বৰ-৩, শুভ ৰং-পাতল নীলা।
কৰ্কট- আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। ভ্ৰমণৰ যোগ৷ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা।
সিংহ- আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মত আশাবাদী হৈ থাকিব৷ পদোন্নতি, প্ৰশংসা প্ৰাপ্তিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং-গুলপীয়া।
কন্যা- সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। শুভ নম্বৰ- ৮, শুভ ৰং- সুমথিৰা আৰু ৰঙা।
তুলা- আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত খৰধৰ নকৰিব। শুভ সংখ্যা -৪, শুভ ৰং-সুমথিৰা।
বৃশ্চিক- আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ত আশাবাদী হৈ থাকিব৷ বিদ্যাৰ্থীসকলৰ বাবে ভাল। দাম্পত্য জীৱনত সুখ-শান্তি প্ৰৱল সম্ভাৱনা। শুভ নম্বৰ-৩, শুভ ৰং-সোণালী।
ধনু- কৰ্মস্থানত যথেষ্ট উন্নতিৰ যোগ৷ মন উৎসাহিত হৈ থাকিব৷ আজিৰ দিনটোত আপোনাৰ সুনাম বৃদ্ধি পাব। শুভ নম্বৰ-৩, শুভ ৰং-বগা।
মকৰ- আজিৰ দিনটো আপুনি সাহিত্য-সংস্কৃতিত শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। ব্যৱসায়ীসকলৰ বাবেও শুভ। শুভ নম্বৰ-৯, শুভ ৰং-বেঙুনীয়া।
কুম্ভ- আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। বিদ্যাত উত্তম৷ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৪, শুভ ৰং-হালধীয়া।
মীন- কোনো সু-সংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ৷ আপোনাৰ জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-বগা।