বাজেটত সোণক লৈ হ’ব পাৰে ডাঙৰ সিদ্ধান্ত, দামৰ লগতে সোণৰ বজাৰতো পৰিব পাৰে প্ৰভাৱ

0

বিনিয়োগৰ যিমানেই মাধ্যম নাথাকক কিয়, সোণৰ চাহিদা কেতিয়াও নকমে। কিন্তু মধ্যবিত্তৰ বাবে সোণত বিনিয়োগ তেতিয়াহে সম্ভৱ হয়, যেতিয়া ইয়াৰ দাম কম হয়। বিগত বছৰত সোণৰ দামত বৰ বেছি পতন দেখা নগ’ল। সেয়ে অধীৰ আগ্ৰহেৰে কেন্দ্ৰীয় বাজেটলৈ ৰৈ আছে দেশবাসী।

২০২৪ চনৰ বাজেটত সোণৰ গহণা ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে ডাঙৰ খবৰ আছিল। কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ বাজেটত সোণৰ ওপৰত আমদানি শুল্ক কমাইছিল। ২০২৫ চনৰ বাজেটত কিন্তু ইয়াৰ বিপৰীত হ’ব পাৰে। এনে বহু খবৰ ওলাইছে, য’ত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে ২০২৫ৰ বাজেটত সোণৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰিব পাৰে।

CNBC TV-18ৰ এক প্ৰতিবেদনত কোৱা হৈছে, চৰকাৰে সোণৰ ওপৰত আমদানি শুল্ক বৃদ্ধিৰ প্ৰস্তুতি চলাইছে। এই বিষয়ে জানি ৰখা প্ৰয়োজন যে কেন্দ্ৰীয় চৰকাৰে সোণৰ আমদানি শুল্ক ৯ শতাংশ হ্ৰাস কৰিছে, যাৰ বাবে আমদানি শুল্ক ১৫ শতাংশৰ পৰা ৬ শতাংশলৈ নামি আহিছে। এয়া আছিল আটাইতকৈ বৃহৎ আমদানি শুল্ক হ্ৰাস আৰু ২০১৩ চনৰ পিছৰ পৰা এয়া প্ৰথমবাৰৰ বাবে আমদানি শুল্ক ১০ শতাংশৰ তললৈ নামি আহিছে।

আসন্ন কেন্দ্ৰীয় বাজেট ২০২৫ত ডাঙৰ ঘোষণা কৰা হ’ব পাৰে। আমদানি শুল্ক হ্ৰাসৰ পিছত সোণৰ আমদানি বাঢ়িলেও অন্যান্য ৰত্ন-অলংকাৰৰ ৰপ্তানি আশানুৰূপভাৱে বঢ়া নাই। ২০২৪ চনৰ পূৰ্বে সোণৰ আমদানি প্ৰায় ১০৪ শতাংশ বাঢ়ি $১০.০৬ বিলিয়ন হৈছে, য’ত একে সময়তে অন্যান্য ৰত্ন আৰু গহণা ৰপ্তানি ২৩ শতাংশৰ বেছি কমিছে।

সোণৰ দাম বৃদ্ধি পাব পাৰে
এই পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ বাজেটত সোণৰ আমদানি শুল্ক বৃদ্ধিৰ কথা ভাবিছে। আমদানি শুল্ক বঢ়ালে দেশীয় বজাৰত সোণৰ দাম বাঢ়িব পাৰে। বৰ্তমান সোণৰ আমদানি শুল্ক ৬ শতাংশ, কিন্তু ২০২৫ চনৰ বাজেটত এয়া পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

কিদৰে চৰকাৰৰ ফালৰ পৰা আমদানি শুল্ক ধাৰ্য কৰা হয়
কেন্দ্ৰীয় চৰকাৰে আমদানি শুল্ক নিৰ্ধাৰণ কৰে আৰু সময়ে সময়ে সেয়া সংশোধন কৰা হয়। এই প্ৰক্ৰিয়াটো CBICৰ জৰিয়তে সম্পন্ন কৰা হয়।

Leave A Reply

Your email address will not be published.