বলীউডৰ প্ৰথমখন চিনেমাৰ বাবে চহী কৰিলে ভাইৰেল গার্ল মনালিছাই
ডিজিটেল ডেস্কঃ এইকেইদিন সকলোতে কেৱল মনালিছাৰ চৰ্চা। ইণ্টাৰনেটত বিচৰণ কৰিলেই মনালিছাৰ ফটো, ভিডিঅ’ই মানুহৰ চকুত চাট মাৰি ধৰেহি।
মনালিছাৰ হাঁহি আৰু দুচকুৰ মায়াই সকলোকে সন্মোহিত কৰিছে।
বৰ্তমান সময়ৰ ইণ্টাৰনেট চেন্সেশন মনালিছা ভোছলে।
মধ্যপ্ৰদেশৰ খাৰগুন জিলাৰ মহেশ্বৰৰ বাসিন্দা মনালিছাই প্ৰয়াগৰাজ মহাকুম্ভলৈ আহিছিল মালা বিক্ৰী কৰিবলৈ, তেতিয়াই তেওঁ ভাইৰেল হৈ পৰে আৰু সেই মনালিছাৰে এতিয়া ভাগ্য হৈছে সলনি।
মালা বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা মনালিছাই অভিনয়ত আত্মপ্রকাশ কৰিবলৈ সাজু হৈছে।
বলীউডৰ প্ৰথমখন ছবিৰ সৈতে চুক্তিবদ্ধ হ’ল মনালিছা।
‘ডায়েৰী অৱ মণিপুৰ’ ছবিখনৰ বাবে মনালিছাক চুক্তিবদ্ধ কৰিছে পৰিচালক সনোজ মিশ্ৰই।
মণিপুৰত সংঘটিত হোৱা ভয়াবহ ঘটনাৰ ওপৰত নিৰ্মিত এই চিনেমাখনত মনালিছাক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব।
মনালিছাই সনোজ মিশ্রক কয় যে তেওঁ নিজৰ ভূমিকাৰ বাবে বহুত কষ্ট কৰিব। পৰিচালকৰ সৈতে তেওঁৰ ফটোও পোহৰলৈ আহিছে।
মনালিছাই কোনটো ভূমিকা ৰূপায়ন কৰিব সেই সম্পর্কে এতিয়াও তথ্য দিয়া হোৱা নাই।
চিনেমাখন অক্টোবৰ মাহত মুক্তিৰ পৰিকল্পনা কৰা হৈছে। চিনেমাখনৰ বাজেট ২০ কোটি টকা বুলি কোৱা হৈছে।
তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহৰ পৰা ছবিখনৰ শ্ৰুটিং আৰম্ভ হ’ব।
মাৰ্চ বা এপ্ৰিলৰ ভিতৰত শ্ৰুটিঙৰ বাবে আহিব মনালিছা। সনোজ মিশ্র এজন সুপৰিচিত পৰিচালক।
ইয়াৰ পূৰ্বে তেওঁ ৰাম কি জন্মভূমি’, ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’, ‘কাশী টু কাশ্মীৰ’ গান্ধীগিৰি, ধৰম কে সৌদাগৰ আদি বহুকেইখন ছবি নিৰ্মাণ কৰিছে।
উল্লেখ্য যে মনালিছাৰ জনপ্রিয়তা ইমানেই বাঢ়িছে যে তেওঁৰ ওপৰত বহু ভোজপুৰী গীত ৰচনা কৰি মুক্তি দিয়া হৈছে