বাজেট ২০২৫ৰ কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহুক্ষেত্ৰত সকাহ দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
আজি সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে কেন্দ্ৰীয় বাজেট। একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমণে। মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এইখন প্ৰথম পূৰ্ণাংগ বাজেট। ইতিমধ্যে ৰাষ্ট্ৰপতিৰ পৰা বাজেট দাখিলৰ অনুমতি লৈ সংসদ বাজেট ভাষণ পাঠ কৰিছে নিৰ্মলা সীতাৰমণে।
আজি বাজেট দাখিলৰ আৰম্ভণিতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয় যে, দেশৰ কৃষকৰ উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৃষকৰ বাবে স্বল্পম্যাদী ঋণ প্ৰকল্প হৈছে কিষাণ ক্ৰেডিট কাৰ্ড। দেশৰ ৭.৭ কোটি কৃষক আৰু মৎসজীৱী এই যোজনাৰ দ্বাৰা উপকৃত হোৱা বুলি জনায় বিত্তমন্ত্ৰীয়ে।
লগতে ধনধান্য কৃষি যোজনাত ১.৭ কোটি কৃষক হ’ব লাভৱান কৃষক। ৰাজ্য সমূহৰ অংশীদাৰিত্বক দিয়া হ’ব গুৰুত্ব। গ্ৰাম্য কৃষক, মহিলাক দিয়া হ’ব প্ৰাধান্য। বিহাৰত স্থাপন হ’ব মাখনা বোৰ্ড। অধিক শস্য উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে।
কপাহ উৎপাদক সকলৰ বাবে ডাঙৰ খবৰ। আৰম্ভ হ’ব কপাহ উৎপাদকতা মিছন
সকলো জিলাতে ২০০০ খন ডে-কেয়াৰ কেঞ্চাৰ স্থাপন কৰা হব। লগতে আইআইটিৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।
৮ কোটি মহিলা তথা নতুনকৈ মাতৃ হোৱা ১ কোটি মহিলাৰ পুষ্টিৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব।মেডিকেল কলেজত ৭৫ হাজাৰ আসন বৃদ্ধিৰ সিদ্ধান্ত। আগন্তুক বছৰত ১০ হাজাৰ আসন বৃদ্ধি কৰা হ’ব।
জিলা হাস্পতালত কেঞ্চাৰ কেয়াৰ চেণ্টাৰ নিৰ্মানৰ সিদ্ধান্ত।৩ বছৰত ২ হাজাৰ কেঞ্চাৰ চেন্টাৰ নিৰ্মান হ’ব।
ইউপিআইৰ সৈতে লিংক কৰা ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা কৰা হ’ব। বিহাৰত নিৰ্মান কৰা হ’ব নেচনেল ইন্সষ্টিটিউট অৱ ফুড টেকন’লজি।
দেশত নতুনকৈ ১২০ টা বিমান বন্দৰ নিৰ্মান কৰা হ’ব।ইয়াৰে বিহাৰত নিৰ্মান কৰা হ’ব ৩টা বিমান বন্দৰ। আগন্তুক সপ্তাহত আগবঢ়োৱা হ’ব নতুন আয়কৰ বিল।
জলজীৱন মিছন প্ৰকল্পক লৈ ডাঙৰ ঘোষণা ২০২৮ লৈ জলজীৱনৰ মিছনৰ সময়সীমা বৃদ্ধি।
প্ৰত্যক্ষ বিদেশী বিনিয়োগ বীমা ১০০% লৈ বৃদ্ধি।
কৰ্কট ৰোগৰ ঔষধৰ মূল্য কমোৱাৰ সিদ্ধান্ত। হ্ৰাস কৰিব ৩৬ বিধ জীৱনদায়িনী ঔষধৰ মূল্য। মোবাইল ফোন, বেটেৰীৰ মূল্য হ্ৰাস হ’ব।
ইয়াৰ উপৰি চামৰাৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব। লগতে আয়কৰক লৈ এক ডাঙৰ ঘোষণা কৰিছে। ৬ টা জীৱনদায়িনী ঔষধৰ ৫% শুক্ল প্ৰত্যাহাৰ কৰা হৈছে।