২৭ বছৰৰ পিছত হেৰুওৱা স্বামীক বিচাৰি পালে মহাকুম্ভ মেলাত! পিতৃক ওচৰকে পায় আনন্দত আত্মহাৰা ২ সন্তান!

0

প্ৰয়াগৰাজৰ কুম্ভ মেলাই তেওঁক পৰিয়ালৰ সৈতে পুনৰ মিলন কৰালে। বিগত ২৭ বছৰে স্বামীক বিচাৰি ফুৰা পত্নীয়ে অৱশেষত কুম্ভ মেলাত স্বামীক লগ পালে। পিতৃক কাষৰতে পায় উৎফুল্লিত হৈ পৰিল সন্তান।

News18 Assam

বিগত ২৭টা বছৰে পৰিয়ালটোৱে নিজৰ আপোনজনক বিচাৰি আছিল। অৱশেষত সেই সন্ধানৰ যৱনিকা পৰিল। কুম্ভ মেলাত যেনেকৈ বহুতে আপোনজনক হেৰুওৱা, কুম্ভ মেলাতে কোনোৱে আকৌ পালে আপোনজনক।

২৭ বছৰ পূৰ্বে ১৯৯৮ চনত ধনবাদৰ ঘৰৰ পৰা নিখোজ হৈছিল গংগাসাগৰ যাদৱ নামৰ লোকজন। কিন্তু প্ৰয়াগৰাজৰ কুম্ভ মেলাই তেওঁক পৰিয়ালৰ সৈতে পুনৰ মিলন কৰালে। বিগত ২৭ বছৰে স্বামীক বিচাৰি ফুৰা পত্নীয়ে অৱশেষত কুম্ভ মেলাত স্বামীক লগ পালে। পিতৃক কাষৰতে পায় উৎফুল্লিত হৈ পৰিল সন্তান।

News18 Assam

গংগাসাগৰৰ পত্নীৰ নাম ধনোয়া দেৱী। তেওঁৰ দুই পুত্ৰ কমলেশ আৰু বিমলেশ। কুম্ভমেলাত গংগাসাগৰক পোৱা আশাৰে প্ৰয়াগৰাজলৈ আহিছিল পৰিয়ালটো। কিন্তু তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল তেওঁলোকে যে পিতৃক তাত লগ পাব। পৰিয়ালটোৱে প্ৰথমে গংগা সাগৰৰ দৰে হুবহু এজন লোকক দেখা পাইছিল। গংগাসাগৰৰ শৰীৰৰ দাগবোৰৰ দৰে মানুহজনৰ শৰীৰত দাগ আছিল।

গংগাসাগৰ যাদৱ ঝাৰখণ্ডৰ বাসিন্দা। বৰ্তমান তেওঁৰ বয়স ৬৫ বছৰ। তেওঁ ‘আঘোৰী’। গংগাসাগৰ এতিয়া ‘বাবা ৰাজকুমাৰ’ নামেৰে পৰিচিত। অৱশ্যে পৰিয়ালে চিনি পালেও গংগাসাগৰে মানি ল’বলৈ ইচ্ছুক নহয়। গংগা সাগৰে নিজকে বাৰাণসীৰ বাসিন্দা বুলি দাবী কৰিছে।

News18 Assam

কিন্তু পত্নী ধনোয়া দেৱীয়ে ‘বাবা ৰাজকুমাৰ’ৰ কোনো কথা শুনিব নিবিচাৰে। ধনোয়াৰ মতে ‘বাবা ৰাজকুমাৰ’য়ে হৈছে তেওঁৰ হেৰুওৱা স্বামী। ইতিমধ্যে এই ঘটনাৰ বিষয়ে কুম্ভমেলাৰ আৰক্ষীক জনোৱা হৈছে। আৰক্ষীয়ে গংগাসাগৰৰ ডি এন এ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।

গংগাসাগৰৰ আত্মীয় মুৰালী যাদৱে কয়, “মহাকুম্ভ মেলা শেষ নোহোৱালৈকে আমি অপেক্ষা কৰিম। আৰু যদি ডি এন এ পৰীক্ষাত দেখা যায় যে এই ব্যক্তিজন গংগাসাগৰ নহয়, তেন্তে মই তেওঁৰ ওচৰত ক্ষমা খুজিম।”

News18 Assam

ধনোয়া দেৱীয়ে কয় যে গংগাসাগৰ ১৯৯৮ চনত পাটনালৈ গৈছিল। বিগত ২৭ বছৰে ঘৰলৈ উভতি অহা নাই। ধনোৱা কয় যে “মোৰ স্বামীৰ গৰু-ম’হৰ ব্যৱসায় আছিল। এদিন ৰাতিপুৱা হঠাতে তেওঁ নিখোজ হৈ গ’ল। ইমান বছৰে মই তেওঁক বিচাৰি আছো। এইবাৰ কুম্ভমেলালৈ আত্মীয় এজন আহিছিল। এজন ব্যক্তিৰ ফটো তুলি পঠালে। মোৰ নিৰুদ্দেশ হোৱা স্বামী সেইজন।’’

Leave A Reply

Your email address will not be published.