প্ৰথম বিবাহৰ দুবছৰৰ পাছতেই বিচ্ছেদ! মুখ্যমন্ত্ৰীৰ সৈতে গোপন প্ৰেম! এতিয়া ১২৪ কোটিৰ সম্পত্তিৰ মালিক এই অভিনেত্ৰী!
অৱশ্যে অভিনেত্ৰীগৰাকীয়ে চলচ্চিত্ৰত অভিনয় কৰি যিমান চৰ্চিত হৈছিল, তাতকৈ অধিক অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত প্ৰেম জীৱনৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল। এই অভিনেত্ৰীগৰাকীৰ প্ৰেম কাহিনী এনেকুৱা আছিল যে এসময়ত সি ৰাজনীতিতো একপ্ৰকাৰৰ আলোড়নৰ সৃষ্টি কৰিছিল।
বলীউডৰপৰা দক্ষিণ ভাৰতীয় চিনেমালৈকে, এনে বহুতো প্ৰেম কাহিনী আছে যাৰ কাহিনী যিকোনো চিনেমাতকৈ কম নহয়। কিছুমান কাহিনী সঁচাকৈয়ে কাল্পনিক যেন লাগে। এই কথা শুনিলে হয়তো কোনোৱে ক’ব… ‘এনেকুৱাও হয়নে!’ আজি আমি ক’ম মাত্ৰ ১৪ বছৰ বয়সতে চিনেমাৰ পৰ্দাত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ চকু কপালত তোলা এগৰাকী অভিনেত্ৰীৰ কথা। অবিশ্বাস্যভাৱে সৌন্দৰ্য আৰু প্ৰতিভাৰ যুগলবন্দীত অভিনেত্ৰীগৰাকীৰ হিট হৈছিল এখনৰ পাছত আনখন ছবি।

অৱশ্যে অভিনেত্ৰীগৰাকীয়ে চলচ্চিত্ৰত অভিনয় কৰি যিমান চৰ্চিত হৈছিল, তাতকৈ অধিক অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত প্ৰেম জীৱনৰ বাবে সংবাদ শিৰোনাম দখল কৰিছিল। এই অভিনেত্ৰীগৰাকীৰ প্ৰেম কাহিনী এনেকুৱা আছিল যে এসময়ত সি ৰাজনীতিতো একপ্ৰকাৰৰ আলোড়নৰ সৃষ্টি কৰিছিল।
অভিনেত্ৰীগৰাকীয়ে এবাৰ নহয় দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰথমবাৰ এগৰাকী ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তাৰপাছত বিবাহ বিচ্ছেদৰ পাছত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয়।

মাত্ৰ ১৪ বছৰ বয়সতে চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে অভিনেত্ৰী কুট্টি ৰাধিকা ওৰফে ৰাধিকা কুমাৰস্বামীয়ে। ৰাধিকা কানাড়া চিনেমাজগতৰ এসময়ৰ অতি চিনাকি নাম আছিল। ৰাধিকাই মাত্ৰ ১৪ বছৰ বয়সতে ‘নিনাগ্গি’ শীৰ্ষক চলচ্চিত্ৰৰ মাধ্যমেৰে নিজৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰিছিল। তেতিয়া ৰাধিকাই নৱম শ্ৰেণীত অধ্যয়ন কৰি আছিল। ২০০২ চনত ‘নীলা মেঘা শামা’ চলচ্চিত্ৰখনৰ জৰিয়তে ৰাধিকাই জনপ্ৰিয়তা অৰ্জন কৰিছিল। ২০০৩ চনত ‘ইয়াৰকাই’ চলচ্চিত্ৰত ‘নেন্সী’ চৰিত্ৰত অভিনয়ৰ পাছৰ পৰাই লাইমলাইটত আহে ৰাধিকা।
দক্ষিণৰ চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী ৰাধিকা। সেই সময়ত ৰাধিকা এগৰাকী ব্যৱসায়ীৰ প্ৰেমত পৰে। কম বয়সতে ৰাধিকা ব্যৱসায়ী ৰতন কুমাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। পৰিয়ালে সেই বিবাহত সন্মতি প্ৰকাশ কৰা নাছিল, সেয়ে তেওঁলোকে ঘৰৰপৰা পলাই গোপনে মন্দিৰত বিবাহপাশত আৱদ্ধ হয়। অৱশ্যে সেই বিয়া বেছি দিন স্থায়ী নহ’ল।

প্ৰথম বিবাহৰ পাছতে স্বামী আৰু শহুৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৰাধিকাই। ২০০২ চনত ৰতন কুমাৰে ৰাধিকাৰ পিতৃ অৰ্থাৎ নিজৰ শহুৰ দেৱৰাজৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাক লৈ বিতৰ্কৰ সূচনা হয়। ৰতনৰ অভিযোগ, নিজৰ কন্যাৰ অভিনয় কেৰিয়াৰ নষ্ট নহ’বৰ বাবে কন্যাক অপহৰণ কৰিছে। এই সমস্যা চলি থাকোতেই পুনৰ ৰাধিকাৰ মাতৃয়ে নিজৰ জোঁৱায়েকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। মাতৃৰ অভিযোগ ৰতনে ফুচুলাই বিয়াৰ জালত পেলাইছে কন্যা ৰাধিকাক। ২০০২ চনত হৃদৰোগত আক্ৰান্ত হৈ ৰাধিকাৰ প্ৰথম স্বামী ৰতন কুমাৰৰ মৃত্যু হয়।
ৰাধিকাৰ প্ৰথম বিবাহ মাত্ৰ দুবছৰহে টিকিছিল। তাৰপাছতে ৰাধিকা তেওঁতকৈ ২৭ বছৰ ডাঙৰ এগৰাকী ৰাজনীতিবিদৰ প্ৰেমত পৰে। কিন্তু তেওঁলোকে ৪ বছৰ ধৰি তেওঁলোকৰ বৈবাহিক সম্পৰ্ক গোপনে ৰাখিছিল। ২০১০ চনত ৰাধিকাই কয় যে তেওঁ ২০০৬ চনত এইচ ডি কুমাৰস্বামীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দুয়োজনে গোপনে বিবাহপাশত আৱদ্ধ হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিবাহৰ সময়ত এইচ ডি কুমাৰস্বামীৰ বয়স আছিল ৪৭ বছৰ আৰু ৰাধিকা তেওঁতকৈ ২৭ বছৰ সৰু আছিল। সেয়া কুমাৰস্বামীৰো দ্বিতীয় বিবাহ আছিল। ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল কুমাৰস্বামী।

ৰাধিকাৰ পিতৃয়ে কন্যাই কুমাৰস্বামীক বিয়া কৰোৱাৰ কথাতো সন্মতি প্ৰকাশ কৰা নাছিল। কিন্তু তাৰ পিছতো ৰাধিকাই পৰিয়ালটোৰ বিৰুদ্ধে গৈ বছৰ বছৰ ধৰি সেই সত্য লুকুৱাই ৰাখিছিল। কিন্তু পিছত কন্যাৰ গোপন বিবাহৰ কথা জানিব পাৰি পিতৃও স্তম্ভিত হৈছিল।
বৰ্তমান ৩৮ বছৰীয়া ৰাধিকা অভিনেত্ৰী হিচাপে চলচ্চিত্ৰ জগতত সম্পূৰ্ণ ফ্লপ। অৱশ্যে ব্যৱসায়ী হিচাপে তেওঁ যথেষ্ট বিখ্যাত। জানিব পৰা মতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক বিয়া কৰাই কোটি কোটি টকাৰ মালিক হৈছিল ৰাধিকা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাধিকাৰ সম্পত্তিৰ মূল্য ১২৪ কোটি টকা। দুয়োৰে এগৰাকী কন্যা সন্তান আছে।