প্ৰথম পত্নীৰ অজ্ঞাতে দ্বিতীয় বিবাহ! এটা ভুলৰ বাবে সকলো শেষ!
তেওঁ বলিউদৰ জনপ্ৰিয় সংগীত শিল্পী। নেপালী চিনেমাৰ পৰা আৰম্ভ কৰিছিল নিজৰ কেৰিয়াৰ। এসময়ত মহম্মদ ৰফি, আশা ভোষলে, আল্কা আগ্নিক চেৰ পেলাইছিল।

তেওঁ বলিউদৰ জনপ্ৰিয় সংগীত শিল্পী। নেপালী চিনেমাৰ পৰা আৰম্ভ কৰিছিল নিজৰ কেৰিয়াৰ। এসময়ত মহম্মদ ৰফি, আশা ভোষলে, আল্কা আগ্নিক চেৰ পেলাইছিল।
অনুৰাধা পৰৱাল, চনু নিগম, কুমাৰ ছানুৰ সৈতে গোৱা ৰাহুল দেৱবৰ্মন, ৰাজেশ ৰোশন, বাপ্পী লাহিৰী, মানস মুখাৰ্জীৰ সৈতেও কৰিছিল কাম।

কল্যাণজী-আনন্দজীৰ দৰে মহান সংগীত পৰিচালকৰ সৈতে কাম কৰি বহু নাম আৰু খ্যাতি অৰ্জন কৰিছিল তেওঁ।
৩০টা ভাষাত প্ৰায় ১৫ হাজাৰ গীত গায় অভিলেখ ৰচনা কৰিছিল উদিত নাৰায়ণে।

কেৰিয়াৰ আৰম্ভ হৈছিল নেপালী ছবি সিন্দুৰ পৰা। ইয়াৰ পিছত তেওঁ ভোজপুৰী চিনেমাতো গীত গাইছিল। ৰাজেশ ৰোশনে তেওঁক প্ৰথম হিন্দী ছবি গীত পৰিৱেশনৰ বাবে সুযোগ প্ৰদান কৰিছিল।
ইয়াৰ পিছত আমিৰ খান অভিনীত ‘‘কায়ামত ছে কায়ামত তক’ ছবিৰে ছন্দ ঘূৰি আহে। এই ছবিখনৰ আটাইতকৈ জনপ্ৰিয় গীতটো হৈছে ‘পাপা কহেতে হায়’।

এই ছবিখনৰ লগে লগে উদিত নাৰায়ণৰ ভাগ্যৰ দুৱাৰ মুকলি হয়।২০০৯ চনত পদ্মশ্ৰী বঁটা লাভ কৰে ইয়াৰ পিছত তিনিবাৰকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
৫বাৰ শ্ৰেষ্ঠ গায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। কায়ামত সে কায়ামত টাক, দিলৱালে দুলহনিয়া লে জায়েংগে, ৰাজা হিন্দুস্তানী আদি ছবিত গীত গায়।

তেওঁ হম দিল দে চুকে সনাম, আশিকী, লাগান আদি ছুপাৰহিট ছবিত অভিনয় কৰিছিল। তেওঁ একেৰাহে তিনিটা দশক ধৰি সংগীত জগতত নিজৰ ধাৰা অক্ষুণ্ণ ৰাখিছিল।
কেৰিয়াৰৰ মাজভাগৰ পৰাই তেওঁক কিশোৰ কুমাৰ আৰু মহম্মদ ৰফিৰ সৈতে তুলনা কৰা হয়।

উদিত নাৰায়ণৰ ব্যক্তিগত জীৱনৰ কথা ক’লে ক’ব পাৰি যে তেওঁ কেইবাটাও বিতৰ্কৰ সৈতে জড়িত।
উদিত নাৰায়ণৰ দুবাৰ বিবাহ হৈছে। ১৯৮৪ চনত বিহাৰত ৰঞ্জনা ঝনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

বলীউডত নিজৰ নাম উজলাই উদিত নাৰায়ণে সংগীত শিল্পী দীপা গাতৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দীপাৰ লগত দ্বিতীয় বিবাহ গম পোৱা নাছিল প্ৰথম পত্নীয়ে।
দীপাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত উদিত নাৰায়ণৰ জীৱনত বহু সমস্যা দেখা গৈছে। ৰঞ্জনা ঝানক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয়বাৰ বিবাহ কৰিছিল।

উদিত নাৰায়ণৰ প্ৰথম পত্নী সঞ্জনা আদালতৰ কাষ চাপিছিল। ছবিকে ধৰি বিভিন্ন তথ্য দেখুৱাওক উদিত নাৰায়ণে আদালতক দ্বিতীয় বিবাহ হিচাপে মানি ল’বলৈ বাধ্য হয়।
আদালতে তেওঁক উদিত নাৰায়ণক দুগৰাকী পত্নীৰ সৈতে আৰু পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে থাকিবলৈ নিৰ্দেশ দিয়ে।

tring.co.in ৰ সূত্ৰ অনুসৰি উদিত নাৰায়ণৰ মুঠ ১৫০ কোটি টকা। পূৰ্বতকৈ অধিক ধন ৰিয়েল এষ্টেটত বিনিয়োগ কৰিছিল।
বৰ্তামান উদিত নাৰায়ণক বিভিন্ন ৰিয়েলিটি শ্ব’ত বিচাৰকৰ চৰিত্ৰত দেখা পোৱা যায়।