কাৰ দখললৈ যাব দিল্লীৰ ৰাজপাট?

0

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে জনসাধাৰণে বিগত ৫ ফেব্ৰুৱাৰীত হৈ যোৱা ভোটদানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

প্ৰথম পৰ্যায়ৰ ভোটগণনাত বিজেপি আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। আনহাতে পিছ পৰি ৰৈছে শাসকীয় আম আদমী পাৰ্টি।

কিন্তু দিল্লী নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগণনাত আপৰ হেভীৱেইট প্ৰাৰ্থী অৰবিন্দ কেজৰিৱাল, আতিশী আৰু মনীষ চিছ’দিয়াও নিজ নিজ আসনত আগবাঢ়ি থকা দেখা গৈছে।

দিল্লী বিধানসভাৰ ৬৯খন আসনৰ ভোটগণনাৰ তথ্য পোহৰলৈ আহিছে। এইপৰ্যন্ত বিজেপিয়ে ৪২খন আসনত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। একে সময়তে আম আদমী পাৰ্টিয়ে ২৭ খন আসনত আৰু কংগ্ৰেছে ১খন আসনত অগ্ৰগতি লাভ কৰিছে।

প্ৰাৰম্ভিক পৰ্যায়ৰ ভোটগণনাত এইপৰ্যন্ত দিল্লীত বিজেপিৰ উত্থানৰ ইংগিত পৰিলক্ষিত হৈছে। লক্ষণীয়ভাৱে মুছলমান প্ৰধান আসনতো শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে বিজেপিয়ে। মুলমান প্ৰধান এনে ১২ টা অঞ্চলৰ ভিতৰত ৭ টা অঞ্চলত বিজেপিৰ অগ্ৰগতি দেখা গৈছে।

Leave A Reply

Your email address will not be published.