কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী? অমিত শ্বাহৰ ঘৰত গুৰুত্বপূৰ্ণ বৈঠক
দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত দেশৰ ৰাজধানী ক্ষেত্ৰত ক্ষমতালৈ আহিল বিজেপি। ঐতিহাসিক বিজয় সাব্যস্তৰ পিচতেই উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে বিজেপি শিবিৰত। এই আনন্দ উল্লাসৰ মাজতেই এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কাক দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিব।
এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণৰ পিছতহে দিল্লীত নতুন চৰকাৰ গঠন হ’ব। ইফালে চৰকাৰ গঠন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত আৰম্ভ হৈছে এখন বৈঠক। এই বৈঠকৰ বাবে শ্বাহৰ ঘৰত উপস্থিত হৈছে জে পি নাড্ডা।
তথ্য অনুসৰি দিল্লীত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত এন ডি এ শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্রীক আমন্ত্ৰণ জনোৱা হৈছে। ইফালে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱে আজি সন্ধিয়া সকলো নৱনিৰ্বাচিত বিধায়কক সাক্ষাৎ কৰিব।
আনহাতে শনিবাৰে সন্ধিয়া বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী, জে পি নাড্ডা আৰু অমিত শ্বাহৰ মাজত নতুন চৰকাৰ গঠন আৰু শপতগ্ৰহণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।
উল্লেখ্য যে, ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৭০ জনীয়া বিধানসভা নিৰ্বাচনত শনিবাৰে ফলাফল ঘোষণাত বিজেপিয়ে ৪৮খন আসন লাভ কৰিছে। আনহাতে ২২ খন আসন লাভতে সন্তুষ্ট ৰ’বলগা হয় ২০১৩ চনৰ পৰা ২০২৫ চনপৰ্যন্ত ক্ষমতাত অধিষ্ঠিত দল আপ। এইবাৰো বিধায়ক শূন্য হৈ থাকিল কংগ্ৰেছ।