দেওবাৰে মুখ্যমন্ত্ৰীৰ পদ এৰিলে এন বীৰেন সিঙে, কিদৰে আৰম্ভ হৈছিল মণিপুৰৰ ৰক্তক্ষয়ী সংঘৰ্ষ? এতিয়াও নিখোঁজ বহুজন…

0

এন বীৰেন সিং হৈ থাকিব মণিপুৰৰ তত্বাৱধায়ক মুখ্যমন্ত্ৰী। নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নোহোৱালৈ থাকিব এন বীৰেন সিং। ইতিমধ্যে ৰাজ্যপালে গ্ৰহণ কৰিছে এন বীৰেন সিঙৰ পদত্যাগ পত্ৰ। পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নোহোৱালৈ বীৰেন সিঙকে মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। দেওবাৰে সন্ধিয়া পদত্যাগ কৰিছিল এন বীৰেন সিঙে। ৰাজ্যপালক দাখিল কৰিছিল পদত্যাগ পত্ৰ। দেওবাৰে পুৱা অমিত শ্বাহক সাক্ষাৎ কৰিছিল বীৰেন সিঙে।

প্ৰায় ২ বছৰ ধৰি অশান্ত হৈ আছে মণিপুৰ। ২০২৩ৰ মে’ৰ পৰাই গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত হৈ পৰিছে মণিপুৰ। কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হৈছিল সংঘাত। সংঘৰ্ষত দুয়োপক্ষৰ শতাধিক লোক নিহত হৈছিল। বহু লোক আজিও নিখোঁজ হৈ আছে মণিপুৰত। সংঘৰ্ষৰ পাছতে গৃহহাৰা হৈছে লক্ষাধিক লোক। পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৰ্থতাৰ অভিযোগ উঠিছিল এন বীৰেন সিঙৰ বিৰুদ্ধে। বীৰেন সিঙৰ পদত্যাগৰো দাবী উত্থাপন হৈছিল বহুবাৰ।

Leave A Reply

Your email address will not be published.