কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা, পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে জানিব লগা নিয়ম
কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ৩,০৬,৯২৫ জন পৰীক্ষাৰ্থী ৮৫৬টা কেন্দ্ৰত অৱতীৰ্ণ হ’ব। পৰীক্ষাক লৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। প্ৰথমবাৰৰ বাবে সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। HSৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,০৬,৯২৫ জন পৰীক্ষাৰ্থী। ১,৪৪,৫০২জন ছাত্ৰ, ১,৬২,৫২৩গৰাকী ছাত্ৰী। কলা শাখাত অৱতীৰ্ণ হ’ব ২,৩০,০৯১গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত অৱতীৰ্ণ হ’ব ৫৭,৭২৪গৰাকী পৰীক্ষাৰ্থী আৰু বাণিজ্য শাখাত অৱতীৰ্ণ হ’ব ১৭,৮৬৯গৰাকী শিক্ষাৰ্থী। লগতে কাৰিকৰী শাখাত অৱতীৰ্ণ হ’ব ১,২৪১গৰাকী পৰীক্ষাৰ্থী।
পৰীক্ষাৰ পূৰ্বে শিক্ষাৰ্থী আৰু অভিভাৱকে জানিব লগীয়া গুৰুত্বপূৰ্ণ কথা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত বলৱৎ কৰা হ’ব ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা।
শিক্ষা ব’ৰ্ডৰ বিশেষ কণ্ট্ৰ’ ল ৰুমৰ পৰা পৰীক্ষা কেন্দ্ৰৰ CCTV সমূহ প্ৰতিপল নিৰীক্ষণত ৰাখিব। লগতে প্ৰতিটো স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰতে সষ্টম থাকিব আৰক্ষী আৰু CRPF বাহিনী। লগতে পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈকে কোনো সাধাৰণ লোকে প্ৰৱেশ কৰিব নোৱাৰিব।
কেৱল সেয়াই নহয়, পৰীক্ষা কেন্দ্ৰৰ ২০০ মিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব কোনো ধৰণৰ লাউড স্পীকাৰ৷ যদিহে পৰীক্ষা কেন্দ্ৰৰ ২০০ মিটাৰৰ এলেকাত লাউড স্পীকাৰত গান বজালেই পৰিব বিপদত।
পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰে জড়িত ব্যক্তিৰ বাহিৰে আন কোনো লোক। পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ এলেকাত কোনো লোকে বান্ধিব নোৱাৰিব জুম।
সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো লোকে পৰীক্ষাগৃহৰ চৌহদত সোমাব নোৱাৰিব৷ পৰীক্ষাগৃহৰ চৌহদত সোমাবলৈও ল’ব লাগিব অনুমতি।
কেৱল এয়াই নহয়, পৰীক্ষা হললৈ কোনো পৰীক্ষাৰ্থীয়ে অনুমতিবিহীন একো সামগ্ৰী লগত লৈ যাব নোৱাৰিব৷ পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহলৈ নিব নোৱাৰিব কোনোধৰণ ইলেক্ট্ৰ’নিক সামগ্ৰী। নিব নোৱাৰিব ম’বাইল ফোন, স্মার্ট ঘড়ী আৰু কেলকুলেটৰ।
লগতে পৰীক্ষাগৃহৰ বাহিৰত অনুমতি বিহীনভাৱে পার্কিং কৰাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। BNS ১৬৩নং অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশনা জাৰি। যদিহে কোনো লোকে এইনিয়ম ভংগ কৰে তেন্তে সন্মুখীন হ’ব শাস্তিৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ গোলাঘাট প্ৰশাসনে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা।