মণিপুৰত বলবৎ হ’ল ৰাষ্ট্ৰপতি শাসন, ভংগ হ’ল বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ
মণিপুৰত জাৰি কৰা হ’ল ৰাষ্ট্ৰপতি শাসন। চাৰিদিনে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব নোৱাৰিলে বিজেপিয়ে। এতিয়াৰে পৰা ৰাজ্যপালৰ হাতত থাকিব ৰাজ্যখনৰ শাসনৰ ক্ষমতা। ৯ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। সংঘৰ্ষপীড়িত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পাছতেই পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, তাকে লৈ চলিছিল জল্পনা-কল্পনা। কিন্তু, চাৰিদিন উকলি যোৱাৰ পাছতো ঘোষণা নহ’ল নতুন মুখ্যমন্ত্ৰীৰ নাম।
ৰাষ্ট্ৰপতি শাসন ঘোষণাৰ লগে লগে ৰাজ্যখনত ভংগ হ’ল বিজেপি নেতৃত্ৱাধীন এন ডি এ চৰকাৰ। মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত কৰাত ব্যৰ্থ বিধায়িনী দল। ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিলেও ভংগ কৰা নাই বিধানসভা। ৰাজ্যৰ সকলো ক্ষমতা এতিয়াৰে পৰা থাকিব ৰাজ্যপালৰ হাতত। ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যপালে চলাব ৰাজ্যখনৰ শাসন ব্যৱস্থা। মণিপুৰত একাদশ বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে।