এলন মাস্কৰে কি কথা পাতিলে মোদীয়ে? হোৱাইট হাউছত মোদীক সাবটি ধৰিলে ডনাল্ড ট্ৰাম্পে
দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ ডনাল্ড ট্ৰাম্পে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীক।
বিষ্ণু শইকীয়া : আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ জয়ৰ পাছত প্ৰথমবাৰলৈ আমেৰিকালৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক পুনৰ শক্তিশালী হোৱাৰ দিশে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তিত স্বাক্ষৰ হয়। দুয়োজন ৰাষ্ট্ৰনেতাৰ এই সাক্ষাৎ যথেষ্ট ইতিবাচক আছিল। আমেৰিকাই ভাৰতক খাৰুৱা তেল আৰু গেছ যোগানৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰে। য’ত ভাৰতক আমেৰিকাই যোগান ধৰিব বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু গেছ। দুয়োখন দেশৰ মাজত শুল্ক, বাণিজ্য আদিৰ ক্ষেত্ৰত বহুখিনি সালসলনি হ’ব। মোদীৰ এই ভ্ৰমণৰ সময়ছোৱাত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল ৱাল্টজৰ সৈতেও বৈঠকত মিলিত হয়। দুদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যোৱা প্ৰধানমন্ত্ৰীয়ে আমেৰিকা আৰু ভাৰতৰ পাৰস্পৰিক শুল্ক ব্যৱস্থাক লৈ আলোচনা কৰে। ইতিমধ্যে বিদেশ ভ্ৰমণ সামৰি নতুন দিল্লীত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীমোদীয়ে।
দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ ডনাল্ড ট্ৰাম্পে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীক। হোৱাইট হাউছত উপস্থিত হোৱাৰ পাছতে মোদীক সাবটি উষ্ম আদৰণি জনায় ডনাল্ড ট্ৰাম্পে। হোৱাইট হাউছত দেখা গৈছিল ট্ৰম্পৰ লগতে বিশ্বৰ ধনাঢ্য উদ্যোগপতি এলন মাস্ক, আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল ৱাল্টজ, ৰিপাব্লিকান নেতা বিবেক ৰামাস্বামী, আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক টালচি গাবাৰ্ডক। দুই ৰাষ্ট্ৰ নেতাই বহু সময় ধৰি বাৰ্তালাপ কৰে প্ৰথম সাক্ষাতত।
এলন মাস্কক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
লগতে দুদিনীয়া আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁক আতিথ্য প্ৰদান কৰা ৱাশ্বিংটনৰ ব্লেয়াৰ হাউছত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ সৈতেও আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰিপাব্লিকান নেতা বিবেক ৰামাস্বামীকো সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত উপস্থিত থাকে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ পৰিয়াল। পত্নীসহ তিনি সন্তানৰ সৈতে প্ৰধানমন্ত্ৰী বাৰ্তালাপ কৰে। এলন মাস্কৰ সন্তানক প্ৰধানমন্ত্ৰী মোদীয়ে এটি এটি উপহাৰো প্ৰদান কৰে।
আমেৰিকাৰ অবৈধ ভাৰতীয় নাগৰিকক লৈ মোদী
ইফালে, আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ভাৰতীয় লোকসকলক ঘূৰাই ল’বলৈ সাজু আছে। মানৱ সৰবৰাহৰ যি ধাৰা তাক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অন্ত পেলাব বুলিও আশাবাদী প্ৰধানমন্ত্ৰী মোদী। উল্লেখ্য যে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পাদিত হৈছে এখন গুৰুত্বপূৰ্ণ চুক্তি। যাৰ ফলত ২০৩০ চনলৈ ভাৰত আৰু আমেৰিকাৰ মাজত দুগুণ হ’ব বেপাৰ-বাণিজ্য। আনহাতে আমেৰিকাই শেহতীয়াকৈ আৰম্ভ কৰা অবৈধ নাগৰিক বহিষ্কৰণক সমৰ্থন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। কিয়নো আমেৰিকাত আন দেশৰ লগতে ভাৰতৰো বৃহৎ সংখ্যক লোকে অবৈধভাৱে বাস কৰি আছে। অবৈধভাৱে আন দেশত থকাৰ কোনো অধিকাৰ নাই বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। আমেৰিকাত অবৈধভাৱে থকা অধিকাংশ লোকেই সাধাৰণ পৰিয়ালৰ। একাংশ মানৱ সৰবৰাহকাৰীৰ কবলত পৰিও বহু লোকে আমেৰিকালৈ গমন কৰিছে। এই প্ৰক্ৰিয়াটো দুয়োখন দেশে যৌথ প্ৰক্ৰিয়াৰে শেষ কৰাৰ পদক্ষেপ ল’ব লাগে। পৰিৱেশতন্ত্ৰৰ বাবেও ক্ষতিকাৰক অবৈধ প্ৰব্ৰজন। এই মানৱ সৰবৰাহৰ বিষয়টোত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সম্পূৰ্ণ সহযোগিতা আবঢ়াব বুলি ভাৰত আত্মবিশ্বাসী। শেহতীয়াকৈ আমেৰিকাই ভাৰতলৈ ঘূৰাই পঠিয়াই দুই শতাধিক অবৈধ নাগৰিকক। যিসকলে আমেৰিকাত বৈধ নথি-পত্ৰ অবিহনে বাস কৰি আছিল বা চাকৰি কৰি আছিল।
ৰাছিয়া ইউক্ৰেইন যুদ্ধ অৱসান বিচাৰে ভাৰতে
ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত নিৰসৰন বাবে আমেৰিকাই লোৱা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশংসা কৰে। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ দিশে আগবাঢ়িছে। ভাৰতে সদায় যুদ্ধৰ বিৰোধিতা কৰি আহিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাত সমাধানৰ পক্ষত আছে ভাৰত। ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে মোৰ সদায় ঘনিষ্ঠ যোগাযোগ আছে। দুয়োখন দেশৰ নেতাসকলক সাক্ষাৎ কৰিছোঁ মই। আমি সদায় শান্তিৰ পক্ষত অৱস্থান কৰিম। যুদ্ধ ক্ষেত্ৰত কেতিয়াও সমস্যাৰ সমাধান পোৱা নাযায়, টেবুলতহে সমাধানৰ সূত্ৰ বিচাৰি পাব পাৰি। এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাছিয়া আৰু ইউক্ৰেইনৰ বিষয়টো যদি এখন মঞ্চত আলোচনা কৰা হয় তেতিয়া ইয়াৰ নিশ্চয় সমাধান সূত্ৰ ওলাব। য’ত দুয়োখন দেশৰ প্ৰতিনিধি উপস্থিত থাকিব লাগিব।
আমেৰিকা আৰু ভাৰতৰ মাজত সম্পাদিত হোৱা দ্বিপাক্ষিক চুক্তিৰ বিষয়ে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। ভাৰত আৰু আমেৰিকাই ৫০০ বিলিয়নৰ বাণিজ্যৰ লক্ষ্য লৈছে। দুয়োখন দেশে পাৰস্পৰিকভাৱে লাভজনক বাণিজ্যিক চুক্তি সম্পাদন কৰিছে ইতিমধ্যে। শক্তি সুৰক্ষাৰ ক্ষেত্ৰতো ভাৰত আৰু আমেৰিকাই একেলগে কাম কৰিব। দুয়োখন দেশে খাৰুৱা তেল আৰু গেছৰ বাণিজ্য শক্তিশালী কৰিব। প্ৰযুক্তিৰ উৎপাদন, হস্তান্তৰ, বাণিজ্যিক প্ৰসাৰ, অংশীদাৰিত্বৰ ক্ষেত্ৰত দুয়োখন দেশে পাৰস্পৰিক বুজাবুজিৰে আগবাঢ়িব। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পে সংবাদমেলত ভাগ লোৱা সময়ত সাংবাদিকে ট্ৰাম্পক বাংলাদেশ সন্দৰ্ভত সোধা প্ৰশ্নৰ সময়ত বাংলাদেশৰ বিষয়টো ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীলৈ এৰে আমেৰিকাৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।