মহাকুম্ভৰ পৰা ওভতা পথত ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, কেইবাজনো আহত

0

উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত দেওবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পথৰ কাষত ৰৈ থকা এখন বাছত এখন যাত্ৰীবাহী টেম্পোৱে খুন্দা মৰাৰ ফলত এই কৰুণ ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতেই লোক চাৰিজনৰ মৃত্যু হয়। ইফালে আহত হোৱা লোক কেইজনক লক্ষ্ণৌস্থিত গোসাইগঞ্জ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা অনুসৰি, টেম্পো ট্ৰেভেলাৰখনত আছিল ২৩ গৰাকী লোক। দুৰ্ঘটনাত পতিত হোৱা লোকসকল মহাৰাষ্ট্ৰৰ বাসিন্দা। তেওঁলোকে মহাকুম্ভত স্নান কৰি অযোধ্যালৈ উভতি গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। মৃতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু বাকী তিনিজন পুৰুষ।

উল্লেখ্য যে, ছত্তীশগড়ৰ পৰা অযোধ্যা যোৱা বাছখন বেয়া হোৱা বাবে পথৰ কাষত ৰখাই থৈছিল। সেই সময়তে মহাৰাষ্ট্ৰৰ পৰা অহা ভক্তৰ বাহনখনে বাছখনক প্ৰচণ্ড জোৰত খুন্দিয়ায়।

Leave A Reply

Your email address will not be published.