মাত্র এজনৰ বাবে ১৮জনৰ মৃত্যু! নতুন দিল্লী ৰে’ল ষ্টেচনৰ ঘটনাৰ পাছত বিস্ফোৰক দাবী ৰে’ল বিভাগৰ! যি ঘটিছিল, সেয়া শুনিলে চমক খাই উঠিব আপুনি
শনিবাৰে নিশা প্ৰয়াগৰাজ অভিমুখে তিনিখন ৰে’ল যাত্ৰা কৰাৰ কথা আছিল। কিন্তু ইয়াৰে দুখন ৰে’ল দেৰি হোৱাৰ বাবে ভিৰ বাঢ়ি গৈছিল।

নতুন দিল্লী ৰে’ল ষ্টেচনত সৃষ্টি হোৱা পদপিষ্টৰ ঘটনাত ১৮গৰাকী লোকৰ মৃত্যু হৈছে। ইণ্ডিয়ান ৰে’লৱে’ই মৃতকৰ পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ বাহিৰেও আহতসকলক ক্ষতিপূৰণ দিব ৰে’লৱে’ই। গুৰুতৰভাৱে আহতসকলক ২.৫ লাখ টকা আৰু কম আঘাতপ্ৰাপ্তসকলক ১ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব।
দিল্লী আৰক্ষীয়ে জনোৱা মতে, নতুন দিল্লী ৰে’ল ষ্টেচনত নিহতসকলৰ ভিতৰত ১৪গৰাকী মহিলা আৰু কমেও দুটা শিশুও আছে। ইফালে ১৫ ফেব্ৰুৱাৰীৰ নিশা সংঘটিত ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ লোকে প্ৰশাসনৰ প্ৰতি অভিযোগৰ আঙুলি উঠাবলৈ আৰম্ভ কৰিছে।

এই পৰিপ্ৰেক্ষিতত উত্তৰ ৰে’লৱে’ৰ মুখ্য জনসংযোগ বিষয়াই যুক্তি আগবঢ়াই কয় যে চিৰিৰ পৰা এজন ব্যক্তি পিছলি পৰাৰ বাবেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হৈছে।
মহাকুম্ভ মেলাত অংশগ্ৰহণৰ বাবে শনিবাৰে নতুন দিল্লী ৰে’ল ষ্টেচনত বৃহৎ সংখ্যক তীৰ্থযাত্ৰী সমবেত হয়। ইয়াৰ ফলত কেইবাটাও প্লেটফৰ্মত ভিৰ হয়। শনিবাৰে নিশা প্ৰয়াগৰাজ অভিমুখে তিনিখন ৰে’ল যাত্ৰা কৰাৰ কথা আছিল। কিন্তু ইয়াৰে দুখন ৰে’ল দেৰি হোৱাৰ বাবে ভিৰ বাঢ়ি গৈছিল।

এই সন্দৰ্ভত ৰে’লৱে’ৰ ডিচিপি কেপিএছ মালহোত্ৰাই কয়, ‘প্ৰয়াগৰাজ এক্সপ্ৰেছ ১৪ নম্বৰ প্লেটফৰ্মত থিয় হৈ আছিল।’ সেই প্লেটফৰ্মত বহুত মানুহ আছিল। স্বতন্ত্ৰ সেনানী এক্সপ্ৰেছ আৰু ভুবনেশ্বৰ ৰাজধানী এক্সপ্ৰেছত পলম হৈছিল। এই ৰে’লখনৰ বাবে অপেক্ষা কৰি থকা বহু যাত্ৰী ১২ আৰু ১৩ নং প্লেটফৰ্মত থিয় হৈ আছিল। ভিৰ ইমানেই বেছি আছিল যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল।
উত্তৰ ৰে’লৱে’ৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু শেখৰে কয়, ‘যেতিয়া এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছিল, তেতিয়া পাটনা অভিমুখী মাগধ এক্সপ্ৰেছখন নতুন দিল্লী ষ্টেচনৰ ১৪ নম্বৰ প্লেটফৰ্মত থিয় হৈ আছিল।’ আৰু জম্মু অভিমুখী উত্তৰ সম্পাক্ৰান্তি এক্সপ্ৰেছ ১৫ নম্বৰ প্লেটফৰ্মত আছিল। সেই সময়ত ১৪ আৰু ১৫ নং প্লেটফৰ্মলৈ নামি আহি থকা অৱস্থাত এজন যাত্ৰী পিছলি চিৰিৰ ওপৰত পৰিছিল, যাৰ ফলত কেইবাজনো লোক আহত হয়। আৰু তেনেকৈয়ে দুৰ্ঘটনাটো সংঘটিত হয়। এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে ইয়াৰ তদন্ত কৰি আছে।

ইতিমধ্যে এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি বহু লোকে শোক প্ৰকাশ কৰিছে। ভাৰতীয় ৰে’লৱে’য়ো এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ৰে’লৱে’ই জনাইছে যে ষ্টেচনত থকা সকলো চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হ’ব।