ভাৰতীয় ক্ৰিকেটলৈ পুনৰ দুঃসংবাদ! ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ বিয়োগ!

0

ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক তথা নিৰ্বাচক মিলিন্দ ৰেগেৰ ৭৬ বছৰ বয়সত মৃত্যু। মুম্বাইৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৫২ খন প্ৰথম শ্ৰেণীৰ মেচত ১২৬ উইকেট দখল কৰিছিল।

News18 Assam

ভাৰতীয় ক্ৰিকেটলৈ দুঃসংবাদ। চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণিৰ পূৰ্বে এটাৰ পিছত আন এটা দুঃসংবাদ আহিছে ভাৰতীয় দললৈ।

মুম্বাইৰ প্ৰাক্তন অধিনায়ক তথা নিৰ্বাচক মিলিন্দ ৰেগেৰ মৃত্যু। হাৰ্ট এটেক হৈ মৃত্যু মুখত পৰে তাৰকা ক্ৰিকেটাৰগৰাকী।

News18 Assam

দেওবাৰে ৭৬ বছৰ সম্পূৰ্ণ কৰা ৰেগেক মুম্বাই ব্ৰিচ কেণ্ডী হাস্পতালত ভৰ্তি কৰা হৈছিল মিলিন্দ ৰেগেক, কিন্তু বুধবাৰে পুৱা ৬ বজাত ইহ সংসাৰ ত্যাগ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

২৬ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈছিল মিলিন্দ ৰেগে। কিন্তু তাৰ পিছত পুনৰ ক্ৰিকেটলৈ উভতি আহিছিল মিলিন্দে আৰু মুম্বাই দলক নেতৃত্ব দিছিল।

News18 Assam

১৯৬৬–৬৭ চনৰ পৰা ১৯৭৭–৭৮ চনৰ ভিতৰত ৫২ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিলে মিলিন্দে। নিজৰ স্পীনৰ যাদুৰে ১২৬টা উইকেট দখল কৰিছিল আৰু ১৫৩২ ৰান সংগ্ৰহ কৰিছিল।

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰৰ শৈশৱৰ বন্ধু আছিল ৰেগে আৰু সুনীল গাভাস্কাৰৰ সৈতে একেখন স্কুল কলেজতে পঢ়িছিল।

Leave A Reply

Your email address will not be published.