JioCinema আৰু Disney+ Hotstar একেলগে! বিনোদনৰ বিশ্বত এইবাৰ ধামাকা! উপভোগ কৰিব পাৰিব চিনেমা-খেল

0

১৯টা ভষাত ৩ লাখ ঘণ্টাৰ বেছি কনটেণ্ট এতিয়া হাতৰ মুঠিত। বলীউদ ছবি, বিদেশী ছিৰিজ, লাইভ স্প’ৰ্টছ সকলো। JioCinema আৰু Disney+ Hotstarৰ বিশাল লাইব্ৰেৰী এতিয়া এটা ছাতিৰ তলত।

এয়া যেন বিনোদনৰ নতুন অধ্যায়। স্প’ৰ্টছ ষ্ট্ৰিমিঙৰ নতুন দিগন্ত। Viacom18 আৰু Star Indiaৰ যৌথ উদ্যোগ JioStar-এ এইবাৰ লৈ আহিল JioHotstar। এটা প্লেটফৰ্মতে একত্ৰিত হ’ল JioCinema আৰু Disney+ Hotstar। ৫০ কোটিৰো অধিক গ্ৰাহকৰ সৈতে দেশৰ বিনোদন আৰু স্প’ৰ্টছ ষ্ট্ৰিমিঙৰ নতুন সংজ্ঞা লিখিব এই প্লেটফৰ্মে।

১৯টা ভষাত ৩ লাখ ঘণ্টাৰ বেছি কনটেণ্ট এতিয়া হাতৰ মুঠিত। বলীউদ ছবি, বিদেশী ছিৰিজ, লাইভ স্প’ৰ্টছ সকলো। JioCinema আৰু Disney+ Hotstarৰ বিশাল লাইব্ৰেৰী এতিয়া এটা ছাতিৰ তলত। হলীউদ ব্লকবাষ্টাৰ, জনপ্ৰিয় ইণ্ডিয়ান শ্ব’, ৰিয়েলিটী শ্ব’, গ্ল’বেল স্প’ৰ্টছৰ বিশাল সম্ভাৰ। যাৰ জৰিয়তে আনন্দ উপভোগ কৰিব পাৰিব দৰ্শক।

বিজ্ঞাপন

JioStarৰ CEO কিৰণ মণিয়ে কয়, ‘‘প্ৰিমিয়াম বিনোদন সকলো গ্ৰাহকক প্ৰদান কৰাই আমাৰ লক্ষ্য। অনন্ত সম্ভাৱনা আছে। আমি বিচাৰো, সকলোৱে বিনোদন উপভোগ কৰক। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চালিত পৰামৰ্শ ব্যৱস্থা, ১৯টাৰো বেছি ভাষাত কণ্টেণ্ট। দৰ্শকে লাভ কৰিব এক নতুন অভিজ্ঞতা।

JioHotstarত গ্ৰাহকৰ মন বুজিব আর্টিফিচিয়েল ইণ্টেলিজেন্স। সেই অনুসৰি কণ্টেণ্ট চোৱাৰ পৰামৰ্শও দিব। এয়া এক অন্য ধৰণৰ অভিজ্ঞতা। সেয়াও পোৱা যাব বেছিক এক্সেছ ষাবস্ক্ৰিপশ্যন অবিহনে। আৰু প্ৰিমিয়াম সেৱা আৰম্ভ হ’ব মাত্ৰ ১৪৯ টকাৰ পৰা। যিসকলে পূৰ্বেই ছাবস্ক্ৰিপশ্যন লৈছে, তেওঁলোকে অনায়াসে এই নতুন প্লেটফৰ্মত সংযুক্ত হ’ব পাৰিব।

বিজ্ঞাপন

JioHotstarত আইপিএল, আইচিচি টুৰ্ণামেণ্ট, প্ৰিমিয়াৰ লীগ, উইম্বলডনৰ দৰে ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট লাইভ চাব পাৰিব গ্ৰাহকে। লগতে প্ৰ’ কাবাদী, আইএছএলৰ দৰে ঘৰুৱা লীগ লাভ চোৱাতো কোনো অসুবিধা নহ’ব। ইয়াত থাকিব 4K ষ্ট্ৰিমিং, মাল্টি এংগল ভিউ আৰু ৰিয়েল টাইম পৰিসংখ্যা।

JioStarৰ CEO কেভিন ভাজে কয়, ‘‘ডিজিটেল বিনোদনৰ বিশ্বত নতুন যুগ আৰম্ভ কৰিছে JioHotstarয়ে। দৰ্শকৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই প্লেটফৰ্ম সজোৱা হৈছে। যাতে প্ৰতিজন ভাৰতীয়ই পছন্দৰ কণ্টেণ্ট বিচাৰি পায়। সেয়া যি ভাষাতে নহওক কিয়।’’

উল্লেখযোগ্য যে ‘Sparks’ নামৰ এটা উদ্যোগো আৰম্ভ কৰিছে JioHotstarয়ে। ইয়াত নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ পাব দেশৰ ডিজিটেল ক্ৰিয়েটৰসকলে। গাঁও বা সৰু চহৰৰ ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে এক ডাঙৰ সুযোগ। দৰ্শকসকলৰ সৈতে পোনপটীয়াভাৱে সংযুক্তও হ’ব পাৰিব তেওঁলোকে।

কেৱল বিনোদন বা স্প’ৰ্টছৰ বিশ্বতে নহয়, বিজ্ঞাপনদাতাসকলৰ বাবেও বিশাল সুযোগ সৃষ্টি কৰিছে JioHotstarয়ে। ডাটাচালিত পাৰ্ছ’নেলাইজেচন আৰু বিশাল সংখ্যক দৰ্শকৰ বাবে উপলভ্য কৰোৱাৰ ইয়াতকৈ ভাল সুযোগ আৰু নাপাব।

Leave A Reply

Your email address will not be published.