সঁচাকৈয়ে স্নানৰ বাবে অযোগ্য নেকি প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ পানী?
প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমৰ পানী স্নানৰ বাবে নিৰাপদ হয় নে নহয় সেই লৈ তীব্ৰ বিতৰ্ক চলিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত সংগমৰ পানীত মলৰ কলিফৰ্ম (FC), বেক্টেৰিয়াৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰা হৈছে।
ইয়াৰ ফলতেই পানীৰ বিশুদ্ধতাক লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ। কিন্তু বিশেষজ্ঞসকলৰ মতে এই সিদ্ধান্ত অসম্পূৰ্ণ আৰু অধিক অনুসন্ধানৰ প্ৰয়োজন।
ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান কেন্দ্ৰৰ অধ্যাপক উমেশ কুমাৰ সিঙে কয় যে, সংগমৰ পানী স্নানৰ বাবে নিৰাপদ। তেওঁ কয় যে, এক প্ৰতিবেদনত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা সৰ্বোত্তম শ্ৰেণীৰ বুলি প্ৰমাণিত হৈছে, যিয়ে পানীৰ মানদণ্ড উন্নত বুলি সূচায়।
অৱশ্যে তেওঁ লগতে কয় যে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে এই প্ৰতিবেদনৰ ওপৰত অধিক কাম কৰাৰ প্ৰয়োজন আছে। কাৰণ ইয়াত নাইট্ৰেট আৰু ফছফেটৰ পৰিমাণৰ সৈতে জড়িত তথ্য প্ৰদান কৰা হোৱা নাই।
দক্ষিণ বিহাৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আৰ.কে. ৰঞ্জনেও বিষয়টো সন্দৰ্ভত নিজৰ মতামত প্ৰদান কৰি কয় যে, সংগমৰ পানীক অসুৰক্ষিত ঘোষণা কৰিব পৰাকৈ পৰ্যাপ্ত তথ্য নাই। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অসঙ্গতিপূৰ্ণ বুলিও তেওঁ কয়।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই বিষয়ত এক বিবৃতি দি কয় যে, সংগমৰ পানীৰ গুণগত মান নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু পানী বিশুদ্ধ কৰাৰ পিছতহে পানী এৰি দিয়া হৈছে।
ৰাজ্য বিধানসভাত তেওঁ কয় যে, সংগমৰ পানীৰ মানদণ্ডক লৈ প্ৰশ্ন উত্থাপন হৈছে, কিন্তু তাত থকা সকলো পাইপ আৰু নলা বন্ধ কৰি দিয়া হৈছে আৰু পানী বিশুদ্ধ কৰাৰ পিছতহে এৰি দিয়া হৈছে।