পাকিস্তানৰ মাটিত ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ খেলৰ সময়ত বাজি উঠিল ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত! আকৌ মুখ ক’লা হ’ল পাকিস্তানৰ!
লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ মেচৰ পূৰ্বে হঠাৎ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ বাজি উঠে।

লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত হঠাৎ বাজি উঠিল ‘জন গণ মন’। শনিবাৰে পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজৰ মেচৰ পূৰ্বে ঘটিল এই আমোদজনক ঘটনা। যি ঘটনাৰ পিছতে মুখ ক’লা হৈ পৰিছে পাকিস্তান ক্ৰিকেট বৰ্ডৰ।
02
লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত হঠাৎ বাজি উঠিল ‘জন গণ মন’। শনিবাৰে পাকিস্তানৰ চেম্পিয়নছ ট্ৰফীৰ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজৰ মেচৰ পূৰ্বে ঘটিল এই আমোদজনক ঘটনা। যি ঘটনাৰ পিছতে মুখ ক’লা হৈ পৰিছে পাকিস্তান ক্ৰিকেট বৰ্ডৰ।
03

লগে লগে হতবাক লৈ পৰে নিজ দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ বাবে শাৰী পাতি থকাৰ সময়তে দৰ্শক আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল। উল্লেখ্যযে ভাৰতীয় দল পাকিস্তানলৈ যাবলৈ অমান্তি হৈছিল। যাৰবাবে উপায়ন্তৰ হৈ পাকিস্তান ক্ৰিকেট বৰ্ডে ভাৰতৰ খেলসমূহ ডুবাইত অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল।
04
তেতিয়াও সমগ্ৰ বিশ্বৰ সন্মুখতে নাক কাট খাইছিল পাকিস্তানৰ। চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰিও ক্ৰিকেটৰ এক সুস্থিৰ পৰিৱেশ ঘূৰাই অনাত ব্যৰ্থ পাকিস্তান ক্ৰিকেট বৰ্ড। বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই পৰে পাকিস্তান ক্ৰিকেট বৰ্ড। শনিবাৰে গাড্ডাফী ষ্টেডিয়ামত কি কাৰণত কেনেকৈ ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত বাজি উঠিল তাক লৈ অব্যাহত আছে বিতৰ্ক?
05

তাকে লৈ ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে মুখচুপতি। একাংশই পাকিস্তানক উদ্দেশ্যি লিখিছে ‘বেটা কভী বাপ কৌ ন্যহি ভুলতা’। অনুৰাগীসকলে এতিয়া এক্সত হাস্যৰসময়ী প্ৰতিক্ৰিয়াৰ সৈতে আহিছে। একাংশই লিখেছে ‘পাকিস্তানে ভাৰতক মিছ কৰিছে।’
06
ইয়াৰ পূৰ্বে কৰাচীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ছাদৰ পৰা ভাৰতৰ জাতীয় পতাকা বাদ পৰাত বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত পিচিবিয়ে স্পষ্টীকৰণ দি কয় যে আইচিচিৰ পৰা এই নিৰ্দেশনা আহিছে যে মেচৰ দিনত মাত্ৰ চাৰিখন পতাকাহে ব্যৱহাৰ কৰা হ’ব।
07

পাকিস্তান ক্ৰিকেট বৰ্ডে দেশখনলৈ ক্ৰিকেট ঘূৰাই আনিবলৈ বহু চেষ্টা কৰিছে যদিও কৰবাত যেন সফল হোৱা নাই পাকিস্তান ক্ৰিকেট বৰ্ড। লাহোৰৰ গাড্ডাফী ষ্টেডিয়ামত হঠাৎ বাজি উঠিল ‘জন গণ মন’ বাজি উঠাৰ পিছতেই একাংশই লিখিছে ‘দেশ যেনেকুৱা, ক্ৰিকেট বৰ্ডো তেনেকুৱা’।