মহা শিৱৰাত্ৰিত অন্ত পৰিব মহা কুম্ভমেলাৰ, আজিৰে পৰা ভিৰ বাঢ়িছে VVIP ঘাটত
আজিৰ পৰা পুনৰ ভিৰ বাঢ়িছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। অন্তিম টা দিনত কোটিৰো অধিক ভক্তৰ আগমন হোৱাৰ অনুমান উত্তৰ প্ৰদেশ প্ৰশাসনৰ।
মহা শিৱৰাত্ৰিত অন্ত পৰিব মহা কুম্ভমেলাৰ। আজিৰে পৰা ভিৰ বাঢ়িছে VVIP ঘাটত। ১০ কিলোমিটাৰ পথ খোজকাঢ়ি যাবলগীয়া হৈছে সাধাৰণ ভক্ত। ৪৫ দিনীয়াকৈ অনুষ্ঠিত মহাকুম্ভৰ আজি ৪০সংখ্যক দিন। আজিৰ পৰা পুনৰ ভিৰ বাঢ়িছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত। অন্তিম টা দিনত কোটিৰো অধিক ভক্তৰ আগমন হোৱাৰ অনুমান উত্তৰ প্ৰদেশ প্ৰশাসনৰ। আৰু পাঁচটা দিনৰ পাছতে অন্ত পৰিব ৪৫ দিনীয়া মহাকুম্ভ মেলাৰ। শেষৰ দিনকেইটাত মহাকুম্ভ মেলাত ভিৰ বাঢ়িছে VVIP ঘাটত। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাত এতিয়ালৈকে ৫৮ কোটি ৮৭ লাখতকৈ অধিক ভক্তই পৱিত্ৰ গংগাত কৰিছে স্নান।
শিৱৰাত্ৰিৰ দিনা অন্ত পৰিবলগীয়া মহাকুম্ভলৈ এতিয়াও বৈ আছে ভক্তৰ জনস্ৰোঁত। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও আহিছে ভক্ত। বিশেষকৈ শুকুৰবাৰৰ পৰা পুনৰ মহাকুম্ভত ভিৰ বাঢ়িছে ভক্তৰ। ৫০০ মিটাৰৰ দূৰত্ব পাৰ কৰিবলৈ ২ঘন্টাৰ প্ৰয়োজন হৈছে ভক্তসকলক। ভক্তৰ ভিৰৰ বাবে পুনৰ সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। যাৰবাবে ১০ কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়ি যাব লগা হৈছে সাধাৰণ ভক্ত। চহৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ঘন্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগা হৈছে ভক্তসকল।
মহাকুম্ভৰ শেষৰ দিনটোলৈকে ভক্তৰ সংখ্যাই ৬০ কোটি অতিক্ৰম কৰিব বুলি পূৰ্বানুমান কৰা হৈছে। আনহাতে বৃহৎ সংখ্যক ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহা শিৱৰাত্ৰিৰ দিনটোৰ বাবে বিশেষভাৱে সাজু হৈছে উত্তৰ প্ৰদেশ আৰক্ষী-প্ৰশাসন। যিহেতু মহাকুম্ভৰ অন্তিম দিনকেইটাত বৃহৎসংখ্যক ভক্তৰ আগমন হ’ব সেইবাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰশাসনক সকলোধৰণে সাজু থকাৰ লগতে সকলো সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে শুকুৰবাৰৰ পৰা ভিৰ বাঢ়িছে VVIP ঘাটতো। শুকুৰবাৰে পত্নী, পুত্ৰ আৰু কন্যাসহ অসমৰ মুখ্যমন্ত্ৰীয়েও মহাকুম্ভত কৰিলে পৱিত্ৰ স্নান।
মহাকুম্ভৰ শেষৰ দিনটোলৈকে ভক্তৰ সংখ্যাই ৬০ কোটি অতিক্ৰম কৰিব বুলি পূৰ্বানুমান কৰা হৈছে। আনহাতে বৃহৎসংখ্যক ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহা শিৱৰাত্ৰিৰ দিনটোৰ বাবে বিশেষভাৱে সাজু হৈছে উত্তৰ প্ৰদেশ আৰক্ষী-প্ৰশাসন। যিহেতু মহাকুম্ভৰ অন্তিম দিনকেইটাত বৃহৎসংখ্যক ভক্তৰ আগমন হ’ব, সেইবাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰশাসনক সকলোধৰণে সাজু থকাৰ লগতে সকলো সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে শুকুৰবাৰৰ পৰা ভিৰ বাঢ়িছে VVIP ঘাটতো। শুকুৰবাৰে পত্নী, পুত্ৰ আৰু কন্যাসহ অসমৰ মুখ্যমন্ত্ৰীয়েও মহাকুম্ভত কৰিলে পৱিত্ৰ স্নান।