USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ, গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰপৰা নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক

0

গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা আটক আচাৰ্য মহবুবুল হকক। নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক।

01

News18 Assam

USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ। শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আচাৰ্য মহবুবুল হকক। বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। শুকুৰবাৰে মাজ নিশা মহানগৰ আৰক্ষী, STF আৰু শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে মহবুবুল হকক।

02

গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা আটক কৰে আচাৰ্য মহবুবুল হকক। মাজ নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক। মহবুবুল হকৰ বিৰুদ্ধে উত্থাপন হৈছিল কেইবাটাও অভিযোগ। মহবুবুল হকৰ বিৰুদ্ধে ভুৱা প্ৰমাণপত্ৰ লোৱাৰ অভিযোগ।

03

News18 Assam

শ্ৰীভূমিৰ জিলা আয়ুক্তৰ ৰিপ’ৰ্টত ফাদিল হৈছিল ভুৱা প্ৰমাণপত্ৰৰ তথ্য। মহবুবুল হকৰ বিৰুদ্ধে উত্থাপন হৈছিল ভুৱা OBC প্ৰমাণপত্ৰ লোৱাৰ অভিযোগ। কিৰেণ সম্প্ৰদায়ৰ সদস্য বুলি মহবুবুল হকে লৈছিল OBC প্ৰমাণ-পত্ৰ। মহবুবুল হকৰ বিৰুদ্ধে একাংশ লোকে উত্থাপন কৰিছিল অভিযোগ।

04

ৰাইজৰ অভিযোগৰ ভিত্তিত শ্ৰীভূমিৰ জিলা আয়ুক্তই গ্ৰহণ কৰিছিল শুনানি। শ্ৰীভূমিৰ জিলা আয়ুক্তই বাতিল কৰিছিল মহবুবুল হকৰ জাতিগত প্ৰমাণ-পত্ৰ। বিগত বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছিল অভিযোগ।

05

News18 Assam

USTMত ধন লৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ আছে অভিযোগ। USTMৰ অধীনৰ বিদ্যালয়ত অনিয়মৰ অভিযোগ। পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগ। পাথাৰকান্দিত USTMৰ অধীনৰ বিদ্যালয়ৰ বিৰুদ্ধেও আছে অভিযোগ। পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত ধনৰ লেনদেনৰ উত্থাপন হৈছিল অভিযোগ। শুকুৰবাৰে চেণ্ট্ৰেল পাব্লিক স্কুলত সৃষ্টি হৈছিল উত্তেজনা। 54/2025 পঞ্জীয়ন নম্বৰত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে মূলতঃ ৰুজু হৈছে প্ৰবঞ্চনাৰ গোচৰ।

Leave A Reply

Your email address will not be published.