আজিৰ ৰাশিফল….

0

মেষ- আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।

বৃষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। প্ৰেমৰ সম্পৰ্কত কিছু জটিলতা আহিব পাৰে। শুভ সংখ্যা -৭, শুভ ৰং-সোণালী।

মিথুন- কৰ্মত উন্নতি। হাতত শুভ কাম থাকিলে পুৱাবেলাতে সম্পূৰ্ণ কৰক। আজিৰ দিনটোত আপোনাৰ খৰচ বাঢ়িব পাৰে। ব্যৱসায়ীসকলে নতুন ব্যৱসায় আৰম্ভ নকৰাটো মংগল। শুভ নসংখ্যা-১৪, শুভ ৰং-বগা।

কৰ্কট- সাংসাৰিক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব৷ মানৱ কল্যাণৰ চিন্তা মনলৈ আহিব। আৰ্থিক লাভৰ যোগ আছে। শুভ সংখ্যা-৫, শুভ ৰং-ৰঙা।

সিংহ- আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে। শিক্ষাৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো ভাল। শুভ নম্বৰ-৬, শুভ ৰং-নীলা।

কন্যা- আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।

তুলা- সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। শুভ নম্বৰ- ৮, শুভ ৰং- সুমথিৰা আৰু ৰঙা।

বৃশ্চিক- আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত খৰধৰ নকৰিব। শুভ সংখ্যা -৪, শুভ ৰং-সুমথিৰা।

ধনু- ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক দিন। ব্যৱসায়িক দিশত নিজৰ বাবে জয়ৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব। বন্ধুৰ লগত চিনেমা চাই বা পিকনিকলৈ গৈ বিয়লিৰ সময়খিনি আনন্দেৰে কটাব পাৰে। শুভ সংখ্যা ১০ আৰু শুভ ৰং বেঙুনীয়া।

মকৰ- আপুনি কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে। বিয়লি সকলো কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। প্ৰেমত শুভ। শুভ সংখ্যা ৮ আৰু শুভ ৰং শুভ্ৰ।

কুম্ভ- স্থায়ী সম্পত্তিৰ কামৰ পৰা বিপুল সুবিধা লাভ কৰিব পাৰে। নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। শুভ সংখ্যা -১, শুভ ৰং-ৰঙা।

মীন- আজিৰ দিনটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে যথেষ্ট শুভ হ’ব। বিদ্যাত সুনাম বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম। শুভ নম্বৰ-৮, শুভ ৰং-সুমথিৰা।

Leave A Reply

Your email address will not be published.