তুংগত উঠিছে মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাকযুদ্ধ, মুখ্যমন্ত্ৰীক উভতি ধৰি অখিলৰ বাক্যবাণ- ‘মুখ্যমন্ত্ৰীয়ে চালে-বেৰে কোবোৱা কথা কৈ পলাব নোৱাৰে’

0

আনক নীতি শিক্ষা দিয়াতকৈ নিজে নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বীট দুখন চালেই গম পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

01

News18 Assam

চাকৰি বিতৰ্কই বিশেষ চৰ্চা লাভ কৰিছে ৰাজ্যত। অখিল গগৈৰ পত্নীৰ চাকৰি বিতৰ্কক লৈ শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। HSত তেওঁ (গীতাশ্ৰী তামুলী) দ্বিতীয় বিভাগহে পাইছিল। এই কথা এতিয়া ৰাইজেই কৈ আছে বুলি প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ ঢেকিয়াজুলিৰ এগৰাকী অধ্যাপকে দিয়া উত্তৰৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কয় যে গীতাশ্ৰী তামুলীতকৈ অধ্যাপকগৰাকীৰ মাৰ্কশ্বীট ভাল আছিল।

02

বিষয়টোক লৈ বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তদন্ত বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় তেওঁ নিজেহে নিজৰ তদন্ত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেই এই অনিয়মৰ কথা জানিছিল বুলিও সাংবাদিকৰ আগত তেওঁ মন্তব্য কৰে।

03

News18 Assam

একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো গীতাশ্ৰী তামুলীয়ে কোনো সোণৰ পদক পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোণৰ পদক দিয়া ব্যৱস্থাই নাছিল। গতিকে তদন্তৰ কোনো দৰকাৰ নাই, সকলো কথা জলজল পটপট হৈ আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নৈতিকভাৱে নিজৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায়।

04

আনক নীতি শিক্ষা দিয়াতকৈ নিজে নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বীট দুখন চালেই গম পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে। তেওঁ কয়, ‘মুখ্যমন্ত্ৰীয়ে মিছা অপবাদ দি ধৰা পৰিল আৰু এতিয়া পলাব খুজিছে। এইবাৰ পলাবলৈ দিয়া নহ’ব। নৈতিকতাৰ কথা ক’ৰ পৰা আহিল? কেলেংকাৰী কৰিছোঁ যদি তদন্ত কৰি আমাক শাস্তি দিয়াটোহে মুখ্যমন্ত্ৰীৰ কাম।’

05

News18 Assam

গগৈয়ে লগতে কয়, ‘মুখ্যমন্ত্ৰীয়ে চালে-বেৰে কোবোৱা কথা কৈ পলাব নোৱাৰে। গীতাশ্ৰীৰ নিযুক্তি আৰু ঘৰ ক্ৰয়ৰ তদন্ত লাগে। গীতাশ্ৰীয়ে চাকৰি এৰিবলৈ আৰু আমি ঘৰ চৰকাৰক চমজাই দিবলৈ ৰৈ আছোঁ।’

Leave A Reply

Your email address will not be published.