পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ, ৬ উইকেটত জয় ৰোহিত বাহিনীৰ: দেশজুৰি আনন্দৰ লহৰ
ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই ২টা উইকেট লয়। কুলদ্বীপ যাদৱে ৩টা, ৰবীন্দ্ৰ জাদেজাই ১টা, হৰ্ষিত ৰাণাই ১টা আৰু অস্কৰ পেটেলে ১টা উইকেট দখল কৰে।
01

দেওবাৰৰ হাইভল্টেজ মেচত ৬ উইকেটত জয়ী হয় টীম ইণ্ডিয়া। টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছিল মহম্মদ ৰিজৱান দলে। চাৰিটা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ২৪৪ ৰাণ।
02
ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই ২টা উইকেট লয়। কুলদ্বীপ যাদৱে ৩টা, ৰবীন্দ্ৰ জাদেজাই ১টা, হৰ্ষিত ৰাণাই ১টা আৰু অস্কৰ পেটেলে ১টা উইকেট দখল কৰে।
03

ভাৰতক ২৪২ ৰাণৰ লক্ষ্য বান্ধি দিছিল পাকিস্তানে। চেম্পিয়নছ ট্ৰফীত ভাৰতীয় স্পেলাৰৰ হাতত ধৰাশায়ী হৈ পৰে পাক বেটছমেন।
04
৪৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তান সংগ্ৰহ কৰিলে ২৪১ৰাণ। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰথমে বেট ধৰি ভাৰতক ২৪২ ৰাণৰ টাৰ্গেট দিয়ে পাকিস্তানে। পাকিস্তানৰ হৈ ছাউদ ছাকিলে সংগ্ৰহ কৰে সৰ্বাধিক ৬২ৰাণ। পাক অধিনায়ক মহম্মদ ৰিজৱানে ৪৬ আৰু খুছদিল শ্বান সংগ্ৰহ কৰে ৩৮ ৰাণ।
05

দেওবাৰৰ খেলখনতে বিৰাট কোহলীয়ে এদিনীয়াত ১৪,০০০ ৰাণ সম্পূৰ্ণ কৰি ভংগ কৰে শচীন তেণ্ডুলকাৰৰ অভিলেখ।