ভাঙিব উইনিং কম্বিনেচন! পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলত দুটাকৈ ডাঙৰ পৰিৱৰ্তন! মহাচমক ৰোহিত-গম্ভীৰৰ!

0

মেগা মেচত কেনে হ’ব ভাৰতৰ প্ৰথম একাদশ তাক লৈ চলিছে জল্পনা-কল্পনা। বাংলাদেশৰ বিৰুদ্ধে খেলা দলেই পাকিস্তানৰ বিৰুদ্ধেও খেলিব নে কোনো পৰিৱৰ্তন হ’ব তাক লৈ চলিছে চৰ্চা।

01

News18 Assam

দেওবাৰে আইচিচি চেম্পিয়ন্স ট্ৰফী ২০২৫ৰ মহাৰণ। যিখন মেচক লৈ সমগ্ৰ বিশ্বই অপেক্ষা কৰিছে, সেয়া হ’ল ভাৰত বনাম পাকিস্তানৰ মেচ। মেগা মেচখনক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা।

02

বাংলাদেশৰ বিৰুদ্ধে সহজ জয়েৰে চেম্পিয়ন্স ট্ৰফীৰ অভিযান আৰম্ভ কৰিছে ভাৰতে। আনহাতে, নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত প্ৰথম মেচতে পৰাজয়ৰ মুখ দাখিছে পাকিস্তান দলে।

03

News18 Assam

ডুবাইৰ মেগা মেচত পাকিস্তানক পৰাস্ত কৰিব পাৰিলেই ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ কাৰ্যত নিশ্চিত হৈ যাব। আনহাতে, প্ৰতিযোগিতাত টিকি থাকিবলৈ এই মেচ ডু অৰ ডাই হ’ব বাবৰ বাহিনীৰ বাবে।

04

মেগা মেচত কেনে হ’ব ভাৰতৰ প্ৰথম একাদশ তাক লৈ চলিছে জল্পনা-কল্পনা। বাংলাদেশৰ বিৰুদ্ধে খেলা দলেই পাকিস্তানৰ বিৰুদ্ধেও খেলিব নে কোনো পৰিৱৰ্তন হ’ব তাক লৈ চলিছে চৰ্চা। কিন্তু দুটা পৰিৱৰ্তন হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। মহাচমক দিব পাৰে ৰোহিত-গম্ভীৰে।

05

News18 Assam

বাংলাদেশ মেচত কুলদীপ যাদৱে কোনো উইকেট পোৱা নাই। সেই স্থানত বৰুণ চক্ৰৱৰ্তীক খেলাব পাৰে টীম ইণ্ডিয়াই। বৰুণৰ স্পীন খুব বেছি খেলা নাই পাকিস্তানে। ফলত বৰুণৰ সন্মুখত সমস্যাত পৰিব পাৰে পাক বেটছমেনসকল।

06

ইয়াৰ উপৰি হৰ্ষিত ৰানাৰ পৰিৱৰ্তে অৰ্শদীপ সিঙক সুযোগ দিয়া হ’ব পাৰে। প্ৰথম মেচত হৰ্ষিতে তিনিটা উইকেট পাইছিল। কিন্তু বাওঁহতীয়া পেছাৰৰ বিৰুদ্ধে সমস্যাত পৰে পাক বেটছমেনসকল। সেইবাবে পৰিৱৰ্তনৰ এক সম্ভাৱনা আছে।

07

News18 Assam

চাওঁ আহক পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সম্ভাৱ্য একাদশ : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়,স আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ বা বৰুণ চক্ৰৱৰ্তী, মহম্মদ ছামী, হৰ্ষিত ৰানা বা অৰ্শদীপ সিং।

Leave A Reply

Your email address will not be published.