অসমত ৫০হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানীয়ে
এডভাণ্টেজ আছাম ২.০’ৰ সন্মিলনত মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হয় বিশিষ্ট উদ্যোগপতি গৌতম আদানী। তেওঁ কয় যে, অসমত ড্ৰাগছ বিৰোধী অভিযান, বাল্য বিবাহ বিৰোধী অভিযানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণভাৱে সফল হৈছে। ইয়াৰ বাবে আদানী গ্ৰুপেও অসমত বৃহৎ বিনিয়োগ কৰিবলৈ আগ্ৰহী।

ইয়াৰ লগতে গৌতম আদানীয়ে অসমত ৫০হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে বিমান বন্দৰ, পথ, চিমেণ্ট, গেছ খণ্ডতো বিনিয়োগৰ আশ্বাস দিয়ে আদানীয়ে।