ভাৰতৰ বাবে সুখবৰ, চেমিফাইনেলত টীম ইণ্ডিয়া

0

চেম্পিয়নছ ট্ৰফীৰ চেমিফাইনেলত প্ৰৱেশ ভাৰতীয় দলটোৰ। বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰি চেমিফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰে টীম ইণ্ডিয়াই।

বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে ২খন মেচত অৱতীৰ্ণ হৈ দুয়োখনতে জয়লাভ কৰে ভাৰতে। ২ মার্চত প্ৰথম ৰাউণ্ডৰ অন্তিমখন মেচ খেলিব ভাৰতে। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব টীম ইণ্ডিয়া।

ইফালে আই চি চি চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তানৰ লগতে টীম বাংলাদেশে অতি লজ্জাজনক ৰূপত প্ৰতিযোগিতাখনৰ পৰা যাত্ৰা সামৰে। সোমবাৰে ৰাৱালপিণ্ডিত নিউজিলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা নিউজিলেণ্ডে বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে ভাৰত আৰু নিউজিলেণ্ডে গ্ৰুপ এৰ পৰা ছেমি ফাইনেলত প্ৰৱেশ কৰে।

ইফালে দুটা বৃহৎ পৰাজয়ৰ পিছত চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হয় পাকিস্তান। প্ৰথমে নিউজিলেণ্ডৰ বিৰুদ্ধে  পৰাস্ত হোৱাৰ পিছত ২৩ ফেব্ৰুৱাৰীত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখনত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হোৱাটো নিশ্চিত কৰে।

উল্লেখ্য যে,  সুদীৰ্ঘ ২৯ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে আই চি চি চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে পাকিস্তানে।

Leave A Reply

Your email address will not be published.