Advantage Assam 2.0 : সপ্ত তাৰকাযুক্ত হোটেলৰ পৰা মেগা ফুড পাৰ্কলৈ… এডভাণ্টেজ অসম ছামিটত অসমৰ বাবে ডাঙৰ ঘোষণা মুকেশ আম্বানীৰ
নিজৰ ভাষণৰ আৰম্ভণিতে মা কামাখ্যালৈ প্ৰণিপাত জনাই অসমৰ বাবে মুকেশ আম্বানীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা।
এডভাণ্টেজ অসম ছামিটত অংশগ্ৰহণ কৰি অসমৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। নিজৰ ভাষণৰ আৰম্ভণিতে মা কামাখ্যালৈ প্ৰণিপাত জনাই অসমৰ বাবে মুকেশ আম্বানীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা।
এডভাণ্টেজ অসমলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম তথা ভাৰতৰ প্ৰথম এডভাণ্টেজ বুলি মন্তব্য মুকেশ আম্বানীৰ। আম্বানীয়ে কয় মোদীয়ে অসমক দিছে চাৰিটা এডভাণ্টেজ।
১. অসম আৰু উত্তৰ-পূবক ভাৰতৰ উন্নয়ন মেপত সংযুক্ত কৰিলে প্ৰধানমন্ত্ৰীয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ৭০ বাৰৰো অধিক অসম তথা উত্তৰ-পূব ভ্ৰমণ কৰিছে মোদীয়ে।
২. মোদীয়ে অসমক দিলে এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফাৰ্ষ্ট মূল মন্ত্ৰ। যাৰ ফলত পূব এছিয়া আৰু দক্ষিণ পূব এছিয়াই অসমক এতিয়া উন্নয়ন আৰু সম্ভাৱনাৰ এক নতুন গন্তব্য স্থলৰূপে চাবলৈ আৰম্ভ কৰিছে।
৩. প্ৰধানমন্ত্ৰী মোদীয়ে অসমক কেৱল যোগাযোগৰ বিপ্লৱ, ডিজিটেল বিপ্লৱ আৰু উন্নয়নেৰেই নহয়, আৱেগিকভাৱেও সমগ্ৰ ভাৰতৰ সৈতে সংযুক্ত কৰিছে।
৪. প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ প্ৰধান চালিকাশক্তিয়ে হৈছে প্ৰযুক্তি। অসম ইমানদিনলৈ চাহ শিল্পৰ স্বৰ্গ বুলি পৰিচিত আছিল। কিন্তু অনাগত দিনত অসম পৰিচিত হ’ব প্ৰযুক্তিৰ স্বৰ্গৰাজ্য ৰূপে।
অসমৰ বাবে মুকেশ আম্বানীয়ে নিৰ্ধাৰণ কৰিলে ৫টা অগ্ৰাধিকাৰ।
মুকেশ আম্বানীৰ প্ৰথম অগ্ৰাধিকাৰ
অসমত এখন ‘টেক ৰেডী আৰু এ আই ৰেডী’ ৰাজ্যৰূপে গঢ়ি তোলা। জিঅ’ নেটৱৰ্কে ইতিমধ্যে অসমক ‘2G মুক্ত আৰু 5G যুক্ত ৰাজ্যৰূপে গঢ়ি তুলিছে। এ আইৰ বিকাশৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে অসমত স্থাপন কৰিব এটা এ আই ৰেডী ডাটা চেণ্টাৰ। ইয়াৰ ফলত ছাত্ৰ-শিক্ষক, চিকিৎসকৰ পৰা আৰম্ভ কৰি কৃষকলৈ সকলোৱে এ আই প্ৰযুক্তিৰে কাম কৰিব পাৰিব। যুৱকসকলে এ আইৰ সহযোগত লাৰ্ণ ফ্ৰম হোম আৰু য়াৰ্ণ ফ্ৰম হোম সুবিধা লাভ কৰিব পাৰিব।
বিজ্ঞাপন
মুকেশ আম্বানীৰ অসমৰ বাবে দ্বিতীয় অগ্ৰাধিকাৰ
অসমক চাহ আৰু গ্ৰীন এনাৰ্জীৰ হাবৰূপে গঢ়ি তোলাৰ লগতে অসমত আনৱিক শক্তিৰো বিকাশ কৰা। অসমত দুটা বিশ্বমানৰ কমপ্ৰেছড বায়’গেছ আৰু চিপিজি প্ৰকল্প স্থাপন কৰিব ৰিলায়েন্সে। য’ত বছৰি ৮ লাখ টন গ্ৰীন বায়’গেছ উৎপাদন হ’ব। যাৰ ফলত প্ৰতিদিনে ২ লাখৰ অধিক বাহন গ্ৰীন এনাৰ্জীৰে চলিব।
মুকেশ আম্বানীৰ তৃতীয় অগ্ৰাধিকাৰ
অসমক ফুড আৰু নন-ফুড প্ৰডাক্টৰ প্ৰধান যোগানকাৰী ৰাজ্যৰূপে গঢ়ি তোলা। ইয়াৰ পৰা দেশীয় বজাৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰতো অসমে বাণিজ্য কৰিব পাৰিব। অসমত এখন মেগা ফুড পাৰ্ক স্থাপনৰো পৰিকল্পনা প্ৰকাশ কৰে মুকেশ আম্বানীয়ে। ইতিমধ্যে অসমত কেম্পা কোলা আৰু পেকেজড ড্ৰিংকিং ৱাটাৰ প্ৰকল্প আৰম্ভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে।
মুকেশ আম্বানীৰ চতুৰ্থ অগ্ৰাধিকাৰ
অসমত ৰিলায়েন্স ৰিটেইল ষ্ট’ৰ ৪০০ৰ পৰা ৮০০লৈ বৃদ্ধি কৰা হ’ব আগন্তুক ৫ বছৰত।
আম্বানীৰ পঞ্চম অগ্ৰাধিকাৰ
অসমত হাই এণ্ড হোটেল কেটেগৰীত সপ্ততাৰকাযুক্ত অ’বেৰয় হোটেল নিৰ্মাণৰ ঘোষণা।