Shivratri Horoscope 2025: শিৱৰাত্ৰিত চাৰিটা ৰাশিৰ বাবে আহিব ভাল খবৰ! কি কি পৰিৱৰ্তন আহিব এই ৰাশিৰ জাতক-জাতিকাৰ জীৱনত?

0

এই ৰাশিৰ ব্যক্তি সকলৰ বাবে বুধ গ্ৰহ হৈছে এওঁলোকৰ ৰাশিৰ দ্বিতীয় পঞ্চম পতি। দ্বিতীয় পঞ্চম পতি হৈ বৰ্তমান সময়ত একাদশ স্থানত অৱস্থান কৰিব যি  স্থিতি এওলোকৰ বাবে বহু লাভদায়ক

01

News18 Assam

মহা শিৱৰাত্ৰিৰ দিনা চাৰিটা ৰাশিৰ লোকৰ বাবে ভাগ্য উদয় হ’ব। কোন কেইটা ৰাশিৰ বাবে আহিব ভাল দিন?
জ্যোতিষ শাস্ত্ৰ আচাৰ্য ত্ৰিলোকেশ শৰ্মাৰ মতে, এইবাৰ মহা শিৱৰাত্ৰিত চাৰিটা ৰাশিৰ লোকৰ বাবে বিশেষ ভাল দিন আহিছে। শিৱ ৰাত্ৰিৰ দিনা বুধ গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। মহা শিৱৰাত্ৰিৰ দিনা ভাগ্য পৰিৱৰ্তনৰ হ’ব চাৰিটা ৰাশিৰ লোকৰ। জানো আহক, কোনকেইটা ৰাশিৰ বাবে শিৱৰাত্ৰিৰ পৰা আহিব ভাল দিন…

মেঘ ৰাশিঃ এই ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহ হৈছে তৃতীয় আৰু ষষ্ঠ স্থানৰ অধিপতি। কিন্তু বৰ্তমান সময়ত তৃতীয় ষষ্ঠ পতি হৈ দ্বাদশ স্থানত অৱস্থান কৰিব, যাৰ বাবে এক বিপৰীত ৰাজযোগৰ সৃষ্টি কৰিব। এই ৰাশিৰ মানুহৰ এইকেইটা দিনত খৰচৰ মাত্ৰা বাঢ়িব। এই ৰাশিৰ লোকসকলৰ এইকেইটা দিনত শত্ৰুৰ মাত্ৰা কমিব। কথা-বতৰাৰে আনক নিজৰ ফালে মোহিত কৰিব পাৰিব। যিমান পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব লাগিব।

বৃষ ৰাশিঃ এই ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহ হৈছে এওঁলোকৰ ৰাশিৰ দ্বিতীয় পঞ্চম পতি। দ্বিতীয় পঞ্চম পতি হৈ বৰ্তমান সময়ত একাদশ স্থানত অৱস্থান কৰিব, যি স্থিতি এওঁলোকৰ বাবে বহু লাভদায়ক কাৰণ পূৰ্বৰে পৰা শুক্ৰ ৰাহু একেলগে আছে। গতিকে, একাদশত তিনিটা গ্ৰহ একেলগে থাকিলে তেওঁলোকৰ উপাৰ্জন যথেষ্ট পৰিমাণে বৃদ্ধি পাব। এই ৰাশিৰ লোকসকলৰ এইকেইটা দিনত শিক্ষাত যথেষ্ট ভাল খবৰ আহিব। ধন বৃদ্ধিৰ যোগ আছে। বহু দিনৰ কাম যদি আধৰুৱা হৈ আছিল এইকেইটা দিনত সম্পূৰ্ণ হ’ব। কিন্তু প্ৰেমত কিছু জটিলতা আহিব।

04

মিথুন ৰাশিঃ এই ৰাশিৰ লোকসকলৰ বাবে বুধ গ্ৰহই ৰাশি পৰিবৰ্তন কৰি দশম স্থানত আহিব। গতিকে কৰ্ম স্থানত বুধ গ্ৰহৰ অৱস্থানৰ ফলত কৰ্মত উন্নতি হোৱাৰ যোগ আছে। যদি আপুনি ব্যৱসায় কৰে তেতিয়া ব্যৱসায়-বাণিজ্যত সফল হ’ব। ঘৰত ধন-সম্পত্তি যথেষ্ট পৰিমাণে আহিব। আপোনাৰ দৈহিক সুন্দৰতা বাঢ়িব। আপোনাৰ কৰ্মৰ জৰিয়তে আনক নিজৰ ফালে আকৰ্ষিত কৰিব পাৰিব। এইকেইটা দিনত যান-বাহন ক্ৰয় কৰাৰ যোগ দেখা পোৱা গৈছে।

05

News18 Assam

তুলা ৰাশিঃ এই ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহ ৰাশি পৰিবৰ্তন এওঁলোকৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত হ’ব। গতিকে ষষ্ঠ স্থানত বুধ গ্ৰহৰ পৰিবৰ্তন কিছু শুভ আৰু কিছু মধ্যমভাবে পাৰ হ’ব। বিশেষকৈ এওঁলোকৰ ভাগ্যত কিছু উন্নতি আহিব। কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰায়োজন আছে। ছাল সম্পৰ্কীয় সৰু-সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে নিজৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।

বিশেষকৈ দ্বাদশত শুক্ৰ গ্ৰহৰ দৃষ্টি থাকিব, সেইবাবে ঘৰুৱা ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। খৰচ আপুনি নকৰোঁ বুলিও ভাবিও কৰিবলৈ বাধ্য হ’ব লাগিব পাৰে। বুধ গ্ৰহৰ প্ৰতিকাৰ হিচাপে আপুনি ভগৱান গণেশ আৰু দুৰ্গা দেৱীক পূজা কৰিব লাগিব। মা দুৰ্গা দেৱীৰ বীজ মন্ত্ৰ আৰু গণেশৰ বীজ মন্ত্ৰ জপ কৰিলে কিছু ভাল ফল পোৱা যাব।

Leave A Reply

Your email address will not be published.