‘দোষী সাংসদৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাটো উচিত নহয়’, সৰ্বোচ্চ ন্যায়ালক উত্তৰ কেন্দ্ৰৰ
দোষী সাংসদ-বিধায়কসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত স্থায়ী নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদনত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আদালতত কয় যে অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱা ৰাজনীতিবিদৰ ওপৰত আজীৱন নিষেধাজ্ঞা অধিক কঠোৰ হ’ব। কেন্দ্রীয় চৰকাৰে বৰ্তমান প্রচলিত আইনখনৰ পোষকতা কৰি ইয়াক অব্যাহত ৰাখিব লাগে বুলি কৈছে।
বৰ্তমানৰ আইন অনুসৰি যদি কোনো ব্যক্তিক দুবছৰতকৈ অধিক কাৰাদণ্ড দিয়া হয় তেন্তে শাস্তি সম্পূৰ্ণ কৰাৰ পিছত ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰা হয়। অৰ্থাৎ এজন ব্যক্তিয়ে নিজৰ শাস্তি ছবছৰ সম্পূৰ্ণ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।
২৫ ফেব্ৰুৱাৰী অৰ্থাত মঙলবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে দাখিল কৰা শপতনামাত কোৱা হৈছে, ‘সংসদীয় নীতি অনুসৰি জাৰি কৰা ধাৰাসমূহৰ অধীনত কৰা অযোগ্যতা সময়সীমাত সীমাবদ্ধ। এই বিষয়ত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাটো উপযুক্ত নহ’ব।’
উল্লেখ্য যে, ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৮ আৰু ৯ নং ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই ২০১৬ চনত অধিবক্তা অশ্বিনী উপাধ্যায়ে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল। আবেদিনত কোৱা হৈছিল যে ৰাজনৈতিক দলসমূহে কিয় ভাল ভাবমূর্তি থকা নেতা বিচাৰি উলিয়াব পৰা নাই সেই কথা বুজাব লাগে৷
ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিছিল যে যেতিয়া কোনো চৰকাৰী কৰ্মচাৰী দোষী সাব্যস্ত হয়, তেতিয়া তেওঁ আজীৱন সেৱাৰ পৰা বাহিৰত থাকে, তেন্তে দোষী সাব্যস্ত হোৱা ব্যক্তি পুনৰ কেনেকৈ সংসদলৈ যাব?
আদালতে প্ৰশ্ন কৰিছিল যে আইন ভংগ কৰাসকলে আইন প্ৰণয়নৰ কাম কেনেকৈ কৰিব পাৰে? কেন্দ্ৰীয় চৰকাৰে শপতনামাত উল্লেখ কৰিছে যে সাংসদসকলৰ অযোগ্যতাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ সম্পূৰ্ণৰূপে সংসদৰ ওপৰত নিৰ্ভৰশীল আৰু সেয়া ন্যায়িক পৰ্যালোচনাৰ বাহিৰত।