Maha Shivratri 2025 : আজি মহাশিৱৰাত্ৰি! উপবাসে থাকি শিৱলিংগত কি অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব?
মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত আৰু বিশেষ কিছুমান সমগ্ৰী নিবেদন কৰিলে শুভ ফল পাব পাৰি। যিবোৰ নিবেদন কৰিলে মহাদেৱ সন্তুষ্ট হয়। শিৱলিংগ পানী বা গাখীৰেৰে অভিষেক কৰাৰ লগতে আৰু কি কি নিবেদন কৰিলে উপকাৰ হয় জানি লওক।
01

আজি মহাশিৱৰাত্ৰি। দেশজুৰি মহাদেৱক আৰাধনাৰ ব্যাপক আয়োজন। শিৱৰাত্ৰিত দিনটো উপবাসে থাকি মহাদেৱস পূজা কৰাৰ ৰীতি আচে। বিশেষকৈ আজি শিৱলিংগৰ গুৰুত্ব আটাইতকৈ বেছি। আজি কঠিন উপবাস ৰাখি শিৱৰ মূৰত পানী ঢলাৰ সময়ত গাখীৰ, ঘিউ, মৌ নিবেদন কৰে। এই উপাদানবোৰ দি পূজা কৰিলে মহাদেৱ অত্যন্ত সন্তুষ্ট হয়।
02
জ্যোতিষী কৌশিক শাস্ত্ৰীয়ে জনাইছে, মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত আৰু বিশেষ কিছুমান সমগ্ৰী নিবেদন কৰিলে শুভ ফল পাব পাৰি। যিবোৰ নিবেদন কৰিলে মহাদেৱ সন্তুষ্ট হয়। শিৱলিংগ পানী বা গাখীৰেৰে অভিষেক কৰাৰ লগতে আৰু কি কি নিবেদন কৰিলে উপকাৰ হয় জানি লওক।
03

জল নিবেদন : মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত জলাভিষেক কৰিলে সমস্ত নেতিবাচক শক্তি দূৰ হয়। প্ৰৱেশ কৰে শুদ্ধ আৰু পজিটিভ শক্তি।
04
কুশ জল নিবেদন : এই বিশেষ দিনটোত শিৱলিংগত কুশ জল নিবেদন কৰিলে ৰোগ আৰু দুখৰ পৰা মুক্তি পোৱা যায়।
05

দৈ নিবেদন : মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত দৈৰে অভিষেক কৰালে ঘৰ, গাড়ীৰ সুখ লাভ হয়।
06
কুঁহিয়াৰৰ ৰস নিবেদন : আজি শিৱলিংগত কুঁহিয়াৰৰ ৰস নিবেদন কৰিলে আৰ্থিক লাভ হয়। উন্নতি হয় কেৰিয়াৰত।
মৌ নিবেদন : আজি শিৱলিংগত মৌ নিবেদন কৰিলে আয় বৃদ্ধি পায়।
সুগন্ধি মিশ্ৰিত জল নিবেদন : শিৱলিংগত সুগন্ধি মিশ্ৰিত জল নিবেদন কৰিলে মোক্ষ লাভ হয়।
গাখীৰ নিবেদন : মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত গাখীৰ নিবেদন কৰা হয়। গাখীৰ অৰ্পণ কৰিলে সন্তানৰ সুখ পোৱা যায়। ইয়াৰ উপৰি নিজৰ ইচ্ছাও পূৰণ হয়।
গংগাজল নিবেদন : আজি শিৱলিংগত গংগাজল নিবেদন কৰিলে সকলো পাপৰ বোজাৰ পৰা মুক্তি পোৱা যায়।
ঘিউ নিবেদন : শিৱৰাত্ৰিৰ দিনা শিৱলিংগত ঘিউ নিবেদন কৰিলে বংশ বৃদ্ধি হয় আৰু পৰিয়ালত সুখ আহে।
সৰিয়হৰ তেল নিবেদন : মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত সৰিয়হৰ তেল নিবেদন কৰিলে যিকোনো শত্ৰুক পৰাস্ত কৰি জয়লাভ সম্ভৱ হয়।
তিল নিবেদন : এই পৱিত্ৰ দিনটোত শিৱলিংগত তিল অৰ্পণ কৰিলে পিতৃদোষ দূৰ হয়। ইয়াৰ উপৰি পিতৃপুৰুষৰ আশীৰ্বাদ পোৱা যায়।
ফুল অৰ্পণ : আজি শিৱলিংগত মহাদেৱৰ প্ৰিয় ফুল নিবেদন কৰিলে মানসিক শান্তি পোৱা যায়।