কইনাৰ সলনি কইনাৰ ঘনিষ্ঠ বান্ধৱীক মালা পিন্ধাই বিপদত দৰা, বিবাহস্থলীত লাগে হুৱা-দূৱা
বিবাহ অনুষ্ঠানত দৰাই ভুলতে কইনাৰ সলনি কইনাৰ ঘনিষ্ঠ বান্ধৱীক মালা পিন্ধোৱাৰ ফলত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। উত্তৰ প্ৰদেশৰ বাৰেলী জিলাৰ এখন বিবাহ অনুষ্ঠানত ২৬ বছৰীয়া দৰা ৰবীন্দ্ৰ কুমাৰে প্ৰথমে মদ্যপান কৰি বিবাহস্থলীত উপস্থিত হয় আৰু ইয়াৰ পিছতেই সংঘটিত হয় এই আচৰিত ঘটনা। ক্ষুব্ধ হৈ ২১ বছৰীয়া কইনা ৰাধা দেৱীয়ে লগে লগে দৰাক চৰ মাৰি ভাঙি পেলায় বিবাহ।
তথ্য অনুসৰি, বৰযাত্ৰীৰ সৈতে দৰা যথেষ্ট পলমকৈ আহি বিবাহস্থলীত উপস্থিত হয়। ইতিমধ্যে বিয়াৰ নিয়ম-নীতিৰ পলম হোৱাত বিচলিত কইনা আৰু পৰিয়ালৰ লোকে দৰাই মদ্যপান কৰা বুলি গম পাই আৰু অধিক স্তম্ভিত হৈ পৰে।
খবৰ অনুসৰি, দৰাৰ পৰিয়ালৰ বিৰুদ্ধে অতিৰিক্ত যৌতুকৰ অভিযোগ উত্থাপিত হয়। কইনাৰ পিতৃয়ে বিয়াৰ পূৰ্বে ২.৫ লাখ আৰু বিয়াৰ পুৱা ২ লাখ দিছিল বুলি কইনাৰ দেউতাকে কয়।
বিয়াৰ মূল অনুষ্ঠান বৰমালাৰ সময়ত দৰাৰ এই কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিলে। মদ্যপানৰ অৱস্থাত দৰা ৰবীন্দ্ৰই কইনাৰ সলনি কইনা ৰাধাৰ বান্ধৱীক মালা পিন্ধাই দিয়ে। এই কথা দেখি ৰাধাৰ খং উঠে আৰু লগে লগে দৰাক চৰ মাৰি দিয়ে। ইয়াৰ পিছত বিয়াখন তাতেই বন্ধ হয়।
বিবাহ বাতিল হোৱাৰ লগে লগে দুয়ো পৰিয়ালৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। খঙত ইজনে সিজনৰ ওপৰত চকী নিক্ষেপ কৰিবলৈ ধৰে। বিয়াৰ মণ্ডপটো অলপ সময়ৰ ভিতৰতে এখন ৰঙ্গমঞ্চলৈ পৰিণত হ’ল। পৰিস্থিতি আৰু বেয়া হোৱা দেখি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে দৰা আৰু তেওঁৰ বন্ধুসকলক জিম্মাত লয়। বৰযাত্ৰীৰ বিৰুদ্ধে কইনাৰ পৰিয়ালক অপমান কৰা আৰু বিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে গোচৰ ৰুজু কৰা হয়। লগতে যৌতুক দাবীৰো অভিযোগত বৰযাত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।
এই ঘটনা বৰ্তমান ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে, য’ত মানুহে কইনাৰ এই সিদ্ধান্তক প্ৰশংসা কৰি যৌতুক দাবী কৰা পৰিয়ালসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।