‘জীৱন আৰু, কি কৰিব…, অ মা.. চা চোন…’’ মাতৃৰ নিথৰ দেহৰ কাষত ‘ট্ৰেজেডী কিং’ মৃদুল ভূঞাৰ বাস্তৱৰ চকুপানী

0

ভ্ৰাম্যমাণৰ ট্ৰেজেডী কিং মৃদূল ভূঞাৰ মাতৃৰ বিয়োগ। বুধবাৰে লখিমপুৰত নাটক কৰিবলৈ সাজু হোৱাৰ সময়তে দুখৰ খবৰটো লাভ কৰে বলিষ্ঠ অভিনেতাগৰাকীয়ে। মাতৃৰ বিয়োগৰ পিছতে মঞ্চ হাঁহি-কান্দোন সংলাপ গায় গ’ল অভিনেতাগৰাকীয়ে।

01

News18 Assam

ভ্ৰাম্যমাণৰ ট্ৰেজেডী কিং মৃদুল ভূঞাৰ মাতৃৰ বিয়োগ। বুধবাৰে লখিমপুৰত নাটক কৰিবলৈ সাজু হোৱাৰ সময়তে দুখৰ খবৰটো লাভ কৰে বলিষ্ঠ অভিনেতাগৰাকীয়ে। মাতৃৰ বিয়োগৰ পিছতে মঞ্চ হাঁহি-কান্দোন সংলাপ গায় গ’ল অভিনেতাগৰাকীয়ে।

02

মঞ্চৰ ট্ৰেজেডী কিঙে এইবাৰ বাস্তৱ কান্দি উঠিল। মাতৃৰ নিথৰ দেহৰ কাষত উচুপি উঠিল অভিনেতাগৰাকী। ‘‘এতিয়া দেউতাৰ কথা ভাবিব লাগিব। অ মা.. চা চোন…গমে নাপালো…’’,

03

News18 Assam

মৃদুল ভূঞাই জনাই যে ‘‘মা ধুকালে, শিৱৰাত্ৰিৰৰ দিনাখন মা ধুকাল, মানি ল’ব লাগিব, উপায় নাই। এইটো মানি ল’ব লাগিব কৰ্ম। সিদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিল। মই নিনিলো, মায়ো ক’লে মই নাযাওঁ দে, মই গ’লে তোৰে চিন্তা লাগি থাকিব। মাৰ গাটো বেয়া আছিল।’’

04

‘‘মোৰ ক্ষেত্ৰখন নাটক, অভিনয়…, ১২০গৰাকী মানুহ জড়িত হৈ আছে। ৰাইজ জড়িত হৈ আছে, আহ্বায়ক কমিটী জড়িত হৈ আছে। মাক তুলসীৰ তলতে ৰখা হৈছে। মাৰ আত্মাই শান্তি পাওক। তেনেকৈ গুচি গ’ল, কোনেও গমে নাপালে।

05

News18 Assam

‘‘মাক বিদায় দিব লাগিব। মৃত্যু মানি ল’ব লাগিব। জীৱন আৰু, কি কৰিব…। মই ভাগি পৰা নাই। মই কাম কৰি যাম। জীৱন এটা…উপায় নাই, গ’ল আৰু, সেৱা এটা জনাব পাৰিলো।’’

06

বুধবাৰে বিয়লি ৪ বজাত নাৰায়ণপুৰৰ ২নং ৰঙাজান গাঁৱৰ বাসগৃহত মৃত্যু হয় মাতৃ কুঞ্জলতা ভূঞাৰ। মঞ্চত প্ৰথম দৰ্শনীৰ অভিনয় সামৰি মাতৃৰ অন্তেষ্টিক্ৰিয়াত সম্পন্ন কৰে অভিনেতাগৰাকীয়ে। এইবাৰ ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল জনপ্ৰিয় অভিনেতাগৰাকী। লখিমপুৰৰ বৰমূৰীয়া তিনিআলিত চলি আছে ৰাজধানী থিয়েটাৰ ৷

Leave A Reply

Your email address will not be published.