আৰম্ভ হ’ল পৱিত্ৰ ৰমজান, মুছলমান কর্মচাৰীলৈ ৰমজান উপহাৰ!
উত্তৰ প্ৰদেশৰ কানপুৰত পৌৰ নিগমে মুছলমান কর্মচাৰীক ৰমজান উপহাৰ দিছে। যি বৰ্তমান বিতর্কৰ আৱর্তত আছে৷ এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে হিন্দু কৰ্মচাৰীয়ে।

দৰাচলতে কানপুৰৰ পৌৰ নিগমে গোটেই ৰমজান মাহৰ ভিতৰত নিৰ্ধাৰিত সময়ৰ ১ ঘণ্টা পূৰ্বে ছুটী দিয়াৰ নিৰ্দেশ দি মুছলমান কৰ্মচাৰীক ৰমজান উপহাৰ দিছে।
উত্তৰ প্ৰদেশ পৌৰ নিগমত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। মুছলমান কৰ্মচাৰীৰ বাবেও বায়’মেট্ৰিক উপস্থিতিৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। এঘণ্টা পূৰ্বে বন্ধৰ দিন ঘোষণা কৰাৰ বাবে ৰোজা পালন কৰা মুছলমান কৰ্মচাৰীসকলে সময়মতে ঘৰত উপস্থিত হৈ ৰোজা-ইফতাৰ আৰু ধৰ্মীয় কাম-কাজ চলাব পাৰিব।

এফালে মুছলমান কৰ্মচাৰীসকলে এই ব্যৱস্থাত সুখী হ’লেও, হিন্দুসকলে ইয়াৰ বিৰোধিতা আৰম্ভ হৈছে হিন্দু কাউন্সিলাৰসকলে নৱৰাত্ৰিৰ সময়তো একেধৰণৰ ব্যৱস্থা ৰূপায়ণ কৰিব লাগে বুলি দাবী জনাইছে।
লগতে হিন্দুসকলে কয় যে, ৰমজানত এনে ব্যৱস্থা ৰূপায়ণ কৰিলে কৰ্মচাৰীৰ মাজত বৈষম্য বৃদ্ধি পাব। কাউন্সিলাৰসকলে কয় যে, ৰমজান মাহত এনে ব্যৱস্থা কেতিয়াও কাৰ্যকৰী হোৱা নাছিল। যদি ৰমজানত মুছলমান কৰ্মচাৰীক এঘণ্টা আগতে ছুটী দিয়া হয়, তেন্তে হিন্দুসকলৰ পৱিত্ৰ উপৱাসত একে নিয়মেই কৰা উচিত।

একে সময়তে উত্তৰপ্ৰদেশৰ পৌৰ আয়ুক্তই কয় যে, এই ব্যৱস্থা ইতিমধ্যে চলি আছে, এই সন্দৰ্ভত কোনো নতুন নিৰ্দেশ দিয়া হোৱা নাই।