আজি কেংগাৰুবাহিনীৰ বিৰুদ্ধে টীম ইণ্ডিয়া, ২:৩০ বজাৰ পৰা আৰম্ভ মেচ

0

আজি অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল। এই খেলখনত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলৰ মাজত হ’ব।

বহুতৰ মতে, এই মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো ভাৰতীয় দলৰ বাবে একেবাৰেই সহজ নহ’ব। লগতে চিন্তাৰ বিষয় যে, ২০১১ চনৰ বিশ্বকাপত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক শেষবাৰৰ বাবে নকআউট মেচত পৰাস্ত কৰিছিল। ইয়াৰ পিছত ৩ খন নকআউট মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাহিৰেও দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডেও চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে, ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ সময়তো এই ৪ দলৰ মাজত ছেমি ফাইনেল খেল অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰিও ২০১৫ চনত আৰু কিছু এনে কাণ্ড সংঘটিত হৈছিল, যিবোৰ এইবাৰো দেখা গৈছে।

  • ২০১৫ চনৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলা খেলখনত বিৰাট কোহলীয়ে শতক অৰ্জন কৰিছিল। এইবাৰো গ্ৰুপ পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে খেলা খেলখনত বিৰাটে শতক অৰ্জন কৰে।
  • ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। এইবাৰো ভাৰতৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ দল।
  • ২০১৫ চনৰ বিশ্বকাপো মাৰ্চ মাহত অনুষ্ঠিত হৈছিল বিশ্বকাপৰ নকআউট মেচ। এইবাৰো মাৰ্চ মাহত অনুষ্ঠিত হৈছে চেম্পিয়নছ ট্ৰফীৰ নকআউট মেচ।
  • ২০১৫ চনৰ বিশ্বকাপৰ ১বছৰৰ পাছত ভাৰতৰ আয়োজনত টি-২০ বিশ্বকাপ অনুষ্ঠিত হয়। এইবাৰো ভাৰতে ২০২৬ চনত টি-২০ বিশ্বকাপ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে।
  • ২০১৫ চনৰ বিশ্বকাপ খেলাৰ সময়ত আই পি এল চেম্পিয়ন আছিল কলকাতা নাইট ৰাইডাৰ্ছ। এইবাৰো আই পি এলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ।
Leave A Reply

Your email address will not be published.