ৰতন টাটাৰ নামেৰে নামাকৰণ হ’ব জাগীৰোডস্থিত ইলেকট্ৰ’নিকছ চহৰ : মুখ্যমন্ত্ৰীৰ ঘোষণা
জাগীৰোডস্থিত ইলেকট্ৰ’নিকছ চহৰৰ নাম উদ্যোগপতি ৰতন টাটাৰ নামেৰে নামাকৰণ কৰা হ’ব। মঙলবাৰে এই ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ২০২৪ চনৰ ৯ অক্টোবৰত মৃত্যু হোৱা ৰতন টাটাক সন্মান জনোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে ছেমিকণ্ডাক্টৰ স্থাপনৰ বাবে ৰতন টাটাই লোৱা সিদ্ধান্ত অসমৰ বাবে গেম চেঞ্জাৰ।
‘টাটা গোট আৰু প্ৰয়াত ৰতন ৰাটাৰ অৱদানৰ স্বীকৃতি স্বৰূপে ৰাজ্যৰ মন্ত্ৰীসভাই ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰনিক পাৰ্ক আৰু প্ৰস্তাৱিত ইলেক্ট্ৰনিক চিটিক সামৰি লোৱা সমগ্ৰ অঞ্চলটোক ৰতন টাটা ইলেক্ট্ৰনিক চিটি হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে। যদি ৰতন টাটাই ইয়াত ছেমিকণ্ডাক্টৰ প্লাণ্ট স্থাপনৰ সাহসী সিদ্ধান্ত গ্ৰহণ নকৰিলেহেঁতেন, তেন্তে আমি আন শীৰ্ষ উদ্যোগপতিসকলৰ পৰা ইমান আগ্ৰহ আৰু সঁহাৰি দেখা নাপালোঁহেঁতেন’, এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।
উল্লেখ্য যে, মৰিগাঁও জিলাৰ জাগীৰোডত প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই বৃহৎ প্ৰকল্প। এই প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে প্ৰায় ১৫ হাজাৰ দক্ষ যুৱক-যুৱতীয়ে কর্মসংস্থাপন পাব টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত।