সোণ কিনিব বিচৰাসকললৈ ভাল খবৰ হ্ৰাস পালে সোণৰ মূল্য

0

গুৱাহাটীৰ বজাৰত হ্ৰাস পালে সোণৰ মূল্য। প্ৰতিগ্ৰাম সোণত হ্ৰাস পালে মূল্য। কিন্তু কিমান টকাকৈ কমিল সোণৰ মূল্য? গুৱাহাটীৰ বজাৰত সোণ-ৰূপ কিমান দামত বিক্ৰী কৰা হৈছে।

গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৭১৬ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৯৯০ টকা আৰু ১৮ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৬,৫৩৮ টকা কৰা হৈছে আজিৰ দিনটোত।

বিগত কিছুদিনৰ পৰা সোণ-ৰূপৰ দামৰ তাৰতম্য দেখা গৈছে। একেৰাহে দ্বিতীয় দিনৰ বাবে ঘৰুৱা বজাৰত দাম হ্ৰাস পাইছে। মাল্টি ক’ম’ডিটি এক্সচেঞ্জ অৰ্থাৎ এমচিএক্সত সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছে।

এপ্ৰিল মাহত এমচিএক্সত সোণৰ ফ্যুচাৰ মূল্য ২৬০ টকালৈ হ্ৰাস পোৱাৰ লগতে প্ৰতি ১০ গ্ৰাম সোণত ৮৫৭৮০ টকালৈ হ্ৰাস পাইছে। অৱশ্যে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত প্ৰতি ১০ গ্ৰামত ৮৬৫৯২ টকাৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰে সোণৰ মূল্যই।

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ চাৰাফা বজাৰত সোণৰ মূল্য ২০০ টকা হ্ৰাস পোৱাৰ লগতে ৮৯,১০০ টকা প্ৰতি ১০ গ্ৰাম হৈছে।

তাৰোপৰি গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজিৰ দিনটোত গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৯.১০ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৯,১০০ টকা। দেশৰ ৰাজধানী দিল্লীটো ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৯৯,১০০ টকা স্থিৰ হৈ আছে।

Leave A Reply

Your email address will not be published.