এটা মছজিদত নামাজ পঢ়াত নিষেধাজ্ঞা; নিৰ্দেশ অমান্য কৰিলে বিহা হ’ব ১ কোটিৰ জৰিমনা
উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ চহৰত ৰমজানৰ সময়ত এটা মছজিদত নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। হাইস্কুল ইণ্টাৰ ব’ৰ্ড পৰীক্ষাৰ বাবে এম আই চি স্কুলত স্থাপন কৰা হৈছে চেণ্টাৰ। এই এম আই চি স্কুলৰ ভিতৰত আছে এটা মছজিদ। য’ত মুছলমানক নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ব’ৰ্ডৰ পৰীক্ষাত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰিছে।
চহৰখনৰ দণ্ডাধীশ সঞ্জয় কুমাৰ আৰু চিঅ’ চিটিয়ে পৰীক্ষা কেন্দ্ৰ নীৰিক্ষণ কৰি ব’ৰ্ড পৰীক্ষাত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ বাবে নিৰ্দেশ প্ৰদান কৰে।
মুছলমান সম্প্ৰদায়ৰ লোকে নামাজৰ অনুমতি বিচাৰি জিলা বিষয়াৰ ওচৰ চাপিছিল। জিলা বিষয়া আশুতোষ কুমাৰ দ্বিবেদীয়ে ৰাইজক উত্তৰ দিয়ে যে পৰীক্ষাত ব্যাঘাত জন্মালে ১ কোটি টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে। মুছলমান সমাজৰ মানুহক কোৱা হৈছে যে যেতিয়ালৈকে ব’ৰ্ডৰ পৰীক্ষা চলি থাকিব তেতিয়ালৈকে নামাজ পঢ়িব নোৱাৰিব।
ৰিজৱান আহমেদ তাজকে ধৰি বহু লোকে মছজিদত নামাজ পঢ়াৰ বাবে দাবী জনাইছে। ব’ৰ্ডৰ পৰীক্ষাত ব্যাঘাত জন্মালে এক কোটি টকাৰ জৰিমনা বিহা হ’ব বুলি জানিব পৰাৰ পিছতেই মুছলমান সমাজে প্ৰশাসনৰ নিৰ্দেশ মানি ল’বলৈ বাদ্য হয়।
এতিয়া ব’ৰ্ড পৰীক্ষাৰ পিছতহে ৰমজানৰ নামাজ আদায় কৰিব পাৰিব।