কাউণ্টডাউন ষ্টাৰ্ট! আজি ডুবাইত খিতাপ জয়ৰ লক্ষ্যৰে কিৱিবাহিনীৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য ৰোহিত বিগ্ৰেড

0

আজি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে এই খেলখনৰ ওপৰত চকু।

আজিৰ এই মেচখনত বৰষুণে বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি সকলো অনুৰাগী চিন্তিত। ইয়াৰ পূৰ্বেও ভাৰতৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল বৰষুণৰ বাবে ধুলিসাৎ হৈছিল আৰু তাৰ পিছত শ্ৰীলংকাৰ সৈতে টীম ইণ্ডিয়াক যৌথ বিজয়ী ঘোষণা কৰা হৈছিল।

এইবাৰ সুদীৰ্ঘ বাৰ বছৰৰ অন্তত এইবাৰ আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ পুনৰুদ্ধাৰৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া। আজিৰ এই বহু প্ৰত্যাশিত মেচখনত ভাৰতীয় দলটোৰ প্ৰতিদ্বণ্ডী হল নিউজিলেণ্ড। আজিৰ এই মেতখনত ৰোহিত বাহিনীক ফেভাৰিট আখ্যা দিয়া হৈছে যদিও ভাৰতৰ সন্মুখত নিউজিলেণ্ডে হেঙাৰ হিচাপে থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

আজিৰ এই খেলখন আৰম্ভ হ’ব দিনৰ ২:৩০ পৰা। আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত বিজয়ী দলে লাভ কৰিব ১৯.৫ কোটি টকাৰ প্ৰাইজমানি আৰু ৰাণাৰ্চআপ দলে লাভ কৰিব ৯.৭৮ কোটি টকা।

ভাৰতীয় দলৰ বাবে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে বিগত বৰ্ষত আই চি চি টি-২০ বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন কৰি জয়ৰ সুখ দিছিল সকলো ক্ৰিকেটপ্ৰেমীক।

উল্লেখ্য যে, ২০০২ চনত সৌৰভ গাংগুলীৰ অধিনায়কত্বত খেলা ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত শ্ৰীলংকাৰ সৈতে মুখামুখি হৈছিল।

Leave A Reply

Your email address will not be published.