তৃতীয়বাৰৰ বাবে ‘চেম্পিয়নৰ চেম্পিয়ন’ ভাৰত; ২৫ বছৰৰ মধুৰ প্ৰতিশোধ
নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিলে ভাৰতে। ১২ বছৰৰ মূৰত ভাৰতে চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন হয়। আনহাতে ক্ৰমাগতভাৱে দুটাকৈ বছৰত ভাৰতীয় দলে আই চি চিৰ সন্মানীয় খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষত টি-২০ বিশ্বকাপ জয়ী হৈছিল ৰোহিত বাহিনীয়ে।
ইফালে আজিৰ এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে অধিনায়ক ৰোহিত শৰ্মা, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুলৰ লগতে হাৰ্দিক পাণ্ডিয়াই।
ৰোহিত শৰ্মাই ৭৬ ৰান, শ্ৰেয়াছ আয়াৰে ৪৮ ৰান আৰু মেচৰ শেষ সময়ত কে এল ৰাহুলে খেলে ৩৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ।
উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে ভাৰতে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছে। ইয়াৰ লগে লগে ভাৰতে সৰ্বাধিকবাৰ চেম্পিয়নছ ট্ৰফী জয় কৰা দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ বিপৰীতে অষ্ট্ৰেলিয়াই দুবাৰ চেম্পিয়নছ ট্ৰফী জয় কৰিছে।
স্মৰ্তব্য যে, ২০০২ চনত ভাৰতে শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়নছ ট্ৰফী জয়ী হৈছিল। ইয়াৰ পিছত ২০১৩ চনত এম এছ ধোনিৰ অধিনায়কত্বত টিম ইণ্ডিয়াই এই ট্ৰফী লাভ কৰিছিল। এতিয়া ২০২৫ চনত নিউজিলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ চেম্পিয়ন হৈ পৰিছে ভাৰত।
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন খেলত অৰ্থাত ফাইনেলত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ২৫১ ৰান সংগ্ৰহ কৰে। কিৱিৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে ডাৰেল মিচেলে, যিয়ে ৬৩ ৰানৰ ইনিংছ খেলিছিল। মাইকেল ব্ৰেচৱেলেও ৪০টা বলত ৫৩ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডক ২৫১ ৰানলৈ লৈ যায়।
ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰাৰ লগতে মহম্মদ ছামী আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট লাভ কৰে।