পুনৰ শ্বেখ হাছিনা হ’ব প্ৰধানমন্ত্ৰী! আৱামী লীগৰ নেতাৰ দাবীৰ বাবে বাংলাদেশত বৃদ্ধি ৰাজনৈতিক উষ্ণতা

0

বিগত এবছৰ ধৰি হিংসাৰ জৰ্জৰিত হৈ আছে বাংলাদেশ। সকলো দাবীৰ পিছতো বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰখনে যেন পৰিস্থিতি নিয়ন্ত্ৰণেই কৰিব পৰা নাই।

বৰ্তমান পৰিস্থিতি এনে হৈ পৰিছে যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দি মহম্মদ ইউনুছক ক্ষমতালৈ অনা ছাত্ৰ নেতাসকলক বৰ্তমান ইউনুছৰ বিৰুদ্ধেই থিয় দিয়া দেখা গৈছে।

এই সকলোবোৰৰ মাজতে আৱামী লীগৰ জ্যেষ্ঠ নেতা ড০ ৰাব্বি আলমে দেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা সন্দর্ভত এক বৃহৎ দাবী উত্থাপন কৰিছে৷ তেওঁ কয় যে শ্বেখ হাছিনা পুনৰ এবাৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব। ৰাব্বি আলমৰ এই বক্তব্যই বাংলাদেশত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ কৰি তুলিছে।

ৰাব্বি আলমে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈও উদ্বেগ প্ৰকাশ কৰে। ৰাব্বিয়ে কয় যে বাংলাদেশক আক্ৰমণ কৰা হৈছে আৰু ইয়াৰ প্ৰতি আন্তৰ্জাতিক সমাজে মোকাবিলা কৰাটো প্ৰয়োজন। তেওঁলোকৰ বহু নেতাই ভাৰতত আশ্ৰয় লৈছে বুলি দাবী কৰি ৰাব্বি আলমে ভাৰতৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ এই সহায়ৰ বাবে ভাৰতক ধন্যবাদ জনায়।

Leave A Reply

Your email address will not be published.