আজিৰ দিনটো কেনেদৰে যাব আপোনাৰ? পঢ়ক ৰাশিফল

0

মেষ ৰাশি: মনটো ইতিবাচক হ’ব। গোটেই দিনটো নিজকে সতেজ অনুভৱ কৰিব। লক্ষ্মী দেৱীৰ আৰ্শীবাদ লাভ কৰিব। ঘৰুৱা পৰিৱেশ সুখৰ হ’ব। সামাজিক আলোচনাত জড়িত হ’ব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

বৃষ ৰাশি: সাৱধানে থাকক৷ শৰীৰৰ যতন লওঁক৷ দুৰ্বল চকুৰ বাবে চিন্তাত পৰিব পাৰে৷ পৰিয়ালৰ মানুহৰ ৰোষৰ চিকাৰ হ’ব পাৰে৷ হাতত লোৱা কাম সম্পূৰ্ণ কৰাত বিফল হ’ব৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া।

মিথুন ৰাশি: লাভজনক দিন৷ বিবাহ প্ৰাৰ্থীসকলে জীৱন সংগী বিচাৰি পাব৷ বন্ধুৰ লগত সময় কটাই ভাল লাগিব৷ পত্নী আৰু পুত্ৰৰ পৰা ভাল খবৰ আহিব৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে লাভৰ মূখ দেখিব আৰু উপাৰ্জন বৃদ্ধি হ’ব৷ শুভ সংখ্যা ১১, শুভ ৰং নীলা।

কৰ্কট ৰাশি: সকলো কাম সময়ত শেষ কৰিব পাৰিব৷ সুখী হ’ব৷ পদোন্নতি হ’ব পাৰে৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে৷ ভাল খবৰ পাব পাৰে৷ শুভ সংখ্যা ১, শুভ ৰং সেউজীয়া।

সিংহ ৰাশি: দিনটো মধ্যম৷ কিছুমান কথাই খং উঠাব। বিদেশত থকা প্ৰিয়জনৰ পৰা কোনো খবৰ পাব৷ বাধাবোৰ নেওচি কামত মন দিয়ক৷ সন্তানৰ কিছুমান সমস্যাই মানসিকভাৱে চিন্তিত কৰি তুলিব৷ শুভ সংখ্যা ৪, শুভ ৰং শুভ্ৰ।

কন্যা ৰাশি: নতুন কামৰ আৰম্ভণি নকৰাই ভাল। বাহিৰৰ খাদ্য খোৱা বন্ধ কৰক নহ’লে বেমাৰত পৰিব৷ খং দমন কৰক৷ আনক অপমান বা কটু বাক্য প্ৰয়োগ নকৰিব৷ পৰিয়ালৰ লগত হোৱা আলোচনাই মনত দুখ দিব৷ পানীৰ পৰা সাৱধানে থাকক৷ খৰচৰ মাত্ৰা বাঢ়িব৷ বে-আইনী আৰু অনৈতিক কামৰ পৰা আঁতৰত থাকক৷ শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

তুলা ৰাশি: এটা সৌভাগ্যশালী দিন৷ সাংস্কৃতিক কামকাজত ব্যস্ততাৰে দিনটো পাৰ হ’ব৷ নতুন কাপোৰ আৰু অলংকাৰ কিনাৰ যোগ আছে৷ মানসিক আৰু শাৰিৰিকভাৱে সতেজ অনুভৱ কৰিব৷ সামাজিকভাৱে সন্মান লাভ কৰিব আৰু নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব৷ শুভ সংখ্যা ২, শুভ ৰং কমলা।

বৃশ্চিক ৰাশি: পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ’ব৷ শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব৷ কাৰ্যক্ষেত্ৰত সহযোগিতা লাভ কৰিব৷ ক্ৰীড়াত সুনাম৷ আধৰুৱা কাম সমাপ্ত কৰিব পাৰিব৷ খৰচৰ মাত্ৰা বাঢ়িব। শুভ সংখ্যা ৩, শুভ ৰং আকাশী নীলা।

ধনু ৰাশি: ভ্ৰমণৰ পৰিকল্পনা অলপ দিনৰ কাৰণে নকৰিব৷ খাদ্য হজমত অসুবিধা হ’ব পাৰে৷ সন্তানৰ শৰীৰ আৰু পৰিকল্পনাই দিনটো চিন্তাত পেলাব৷ কামত অকৃতকাৰ্যতাই মনত ক্ৰিয়া কৰি থাকিব৷ খঙক দমনৰ চেষ্টা কৰক আৰু আলোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক৷ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত ব্যস্ত ৰাখক৷ শুভ সংখ্যা ৬, শুভ ৰং শুভ্ৰ।

মকৰ ৰাশি: এলাহ ভাৱৰ বাবে শৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব৷ পৰিয়ালৰ লগত বিৰোধিতা হ’ব পাৰে৷ বুকুৰ বিষ আৰু ৰাতি নিদ্ৰাহিনতাত ভূগিব পাৰে৷ সামাজিক সন্মান হানি কৰিব৷ পানীৰ পৰা সাৱধানে থাকক৷ শুভ সংখ্যা ৩, শুভ ৰং সুমথিৰা।

কুম্ভ ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব৷ বন্ধুৰ লগত সময় কটাব পাৰিব৷ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল হ’ব। ভ্ৰমণত শুভ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ৷ প্ৰেমত শুভ৷ শুভ সংখ্যা ১, শুভ ৰং ক’লা।

মীন ৰাশি: খঙৰ বাবে কৰোবাক কটু কথা শুনাব পাৰে৷ শৰীৰৰ যতন লওঁক৷ লেনদেনত সাৱধান হওক৷ পৰিয়ালৰ লগত অলাগতিয়াল বিষয়ত তৰ্কা-তৰ্কিৰ পৰা আঁতৰি থাকক৷ শুভ সংখ্যা ১৫, শুভ ৰং ৰঙা।

Leave A Reply

Your email address will not be published.