আজি ৰঙৰ উৎসৱ ফাকুৱা; সৰ্বত্ৰ চলিছে উচাহভৰা প্ৰস্তুতি
আজি ৰঙৰ উৎসৱ ফাকুৱা। ফাগুন মাহৰ পূৰ্ণিমাত প্ৰতিবছৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে ফাকুৱা উদযাপন কৰি আহিছে। ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে সমগ্ৰ দেশতে আনন্দ-উছাহ পৰিলক্ষিত হৈছে। এই ফাকুৱা বিভিন্ন সময়ত হোলী, ফাল্গুৎসৱ, দৌলোৎসৱ আদি নামেৰেও জনা যায়। দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে হোলী উদযাপন আৰম্ভ হৈছে।
এই হেঁপাহৰ উৎসৱক আদৰিবলৈ ৰাজ্যৰ সৰ্বত্ৰ চলিছে উচাহভৰা প্ৰস্তুতি। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিৰাজ কৰিছে আনন্দমুখৰ পৰিৱেশ। সাধাৰণতে ৰাজ্যৰ প্ৰায়ভাগ ঠাইতে আজি আৰু কাইলৈ এই উসৱ উদযাপন কৰা হ’ব যদিও বৰপেটা, বটদ্ৰৱাকে ধৰি আন কিছি কিছু অঞ্চলত বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হৈছে দৌল উৎসৱ।
এই পবিত্ৰ, ৰঙীন উৎসৱৰ আপাহতে উখল-মাখল হৈ পৰিছে বটদ্ৰৱাৰ লগতে সত্ৰ সংস্কৃতি-পৰম্পৰাৰ অন্যতম পীঠস্থান বৰপেটা। বৰপেটাত বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে হোলী। শ্ৰীকৃষ্ণৰ বন্দনা আৰু হোলী গীতৰ মূৰ্ছনাৰে মুখৰ হৈ পৰিছে বৰপেটাৰ আকাশ-বতাহ।